• মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি : আৰক্ষীয়ে চপাই আনিছে কেলেংকাৰীৰ জাল

    আঞ্চলিক
    মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি : আৰক্ষীয়ে চপাই আনিছে কেলেংকাৰীৰ জাল

    গুৱাহাটী : ‘জল জীৱন আঁচনি’ৰ নামত সংঘটিত হোৱা কেলেংকাৰীৰ গুৰুত্বপূৰ্ণ তথ্য সংগ্ৰহ আৰক্ষীৰ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ OSDৰ নাম লৈ মুখ্যমন্ত্ৰীৰ চহী জালিয়াতিৰ ঘটনাত জড়িত মূল অভিযুক্তক গ্ৰেপ্তাৰ৷ দিল্লী ক্ৰাইম ব্ৰাঞ্চৰ সহযোগত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড ইমৰাণ শ্বাহ ওৰফে ইমৰাণ চৌধুৰীক৷ দিছপুৰ লাষ্টগেটৰ ফটোষ্টেট চেণ্টাৰত প্ৰিন্ট হৈছিল মুখ্যমন্ত্ৰীৰ জাল চহী৷






    সোমবাৰে দিছপুৰ আৰক্ষীয়ে দিল্লীৰ আদালতত হাজিৰ কৰাই ট্ৰেনজিত ৰিমাণ্ডত লয় ইমাৰণক৷ আৰক্ষীৰ তদন্তৰ আগতীয়া উমান পাই ৮ ছেপ্টেম্বৰত গুৱাহাটীৰ পৰা পলাই গৈছিল ইমৰান চৌধুৰী৷ দীৰ্ঘদিনৰ পৰা চৰকাৰী আঁচনিৰ নামত প্ৰবঞ্চনা কৰি অহা ইমৰাণে নিজকে চৰকাৰী আঁচনিৰ ৰজা বুলি পৰিচয় দিয়ে৷ শেহতীয়াকৈ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঠিকাৰ নামত ইমৰাণে লুণ্ঠন চলাইছিল৷






    জানিব পৰা মতে ৩ কোটি টকীয়া ঠিকা মোকলাই দিয়াৰ নামত ৯ লাখ টকা সংগ্ৰহ কৰিছিল ইমৰানে৷ শিৱসাগৰৰ ৪জন ঠিকাদাৰক মুখ্যমন্ত্ৰীৰ OSDৰ পৰিচয় দি দালালৰ সৈতে কথা পতাই ইমৰাণে সংগ্ৰহ কৰিছিল ৯লাখ টকা৷ শিৱসাগৰৰ লুইট কনষ্ট্ৰাকশ্যনৰ নামত প্ৰস্তুত ঠিকাৰ ভুৱা ৱৰ্ক অৰ্ডাৰত মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰিছিল ইমৰাণে৷
    স্কেনিঙৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ জাল চহী প্ৰিন্ট কৰিছিল ইমৰাণে৷ সেই অৰ্ডাৰ PHE বিভাগত জমা দিওঁতেই পোহৰলৈ আহে জালিয়াতিৰ তথ্য৷ লগে লগে হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ে এজাহাৰ দাখিল কৰে দিছপুৰ থানাত৷ তাৰ পাছতেই জাল চহীৰে ঠিকা ল’বলৈ বিচৰা প্ৰতিষ্ঠান লুহিট কনষ্ট্ৰাকশ্বন কৰ্তৃপক্ষক সোধা-পোচা কৰে আৰক্ষীয়ে আৰু পোহৰলৈ আহে এই জালিয়াতি কাণ্ডৰ মাষ্টাৰ মাইণ্ড ইমৰাণ চৌধুৰীৰ কথা৷ ইমৰাণৰ সহযোগী আছিল দুই প্ৰবঞ্চক ক্ৰমে দিলীপ দাস আৰু ৰাজীৱ কলিতা৷ এই দুই প্ৰবঞ্চককো আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে৷ অৱশ্যে এতিয়াও পলাতক হৈ আছে আন দুজন অভিযুক্ত অনুপম চৌধুৰী আৰু প্ৰকাশ বসুমতাৰী।