National
গুৱাহাটী : ধনৰ বিনিময়ত মেট্ৰিকত অধিক নম্বৰ দিয়াৰ লজ্জাজনক ঘটনা পোহৰলৈ আহিছে৷ কামৰূপ জিলাত সংঘটিত হৈছে মূল্যায়ন কেলেংকাৰী৷ আৰক্ষীৰ জালত পৰিল দুগৰাকীকৈ প্ৰধান শিক্ষক৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে গৰৈমাৰী ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষকক আৰু মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষক৷ প্ৰধান শিক্ষকজনৰ নাম দোস্ত হবিবুৰ ৰহমান আৰু ধৃত অধ্যক্ষজনৰ নাম আক্ৰাছ আলী আহমেদ৷ কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শককে অধিক তদন্তৰ বাবে দুয়োকে সোধা-পোছা কৰি আছে৷
পৰিদৰ্শক মাধৱ ডেকা, ছেবাৰ সমন্বয়ক ফুলপাহি নাথকো আৰক্ষীয়ে আটক কৰিছে৷ লগতে আটক কৰা হৈছে কৰ্মচাৰী প্ৰশান্ত দাস, শিৱেশ্বৰ কলিতাকো৷ উল্লেখ্য যে, কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শকৰ বাসগৃহত আৰক্ষীয়ে চলায় এক অভিযান৷ মাধৱ ডেকাৰ বাসগৃহত অভিযান কামৰূপ আৰক্ষীৰ৷ কম্পিউটাৰ সহায়ক প্ৰশান্ত দাস আৰু কৰ্মচাৰী শিৱেশ্বৰ কলিতাৰ ঘৰতো আৰক্ষীয়ে অভিযান চলায়৷ তিনিওগৰাকীৰ ঘৰতে অভিযানত জব্দ হয় নগদ ধন আৰু বিভিন্ন নথি-পত্ৰ৷ গৰৈমাৰীৰ ধৃত দুই প্ৰধান শিক্ষকৰ তথ্যৰ ভিত্তিত অভিযান চলায় আৰক্ষীয়ে৷ অধ্যক্ষৰ কল ৰেকৰ্ডিঙৰ ভিত্তিত চলোৱা হয় তদন্ত৷ তথ্য অনুসৰি, ধনৰ বিনিময়ত মূল্যায়ন বৃদ্ধি কৰাৰ বাবে ফোনতে বন্দৱস্ত হৈছিল সকলো৷ ইফালে, আন এগৰাকী প্ৰধান শিক্ষয়িত্ৰী দেৱযানী ডেকাকো জেৰা কৰিছে আৰক্ষীয়ে৷ দেৱযানী ডেকা গৰৈমাৰী কস্তুৰবা হাইস্কুলৰ প্ৰধান শিক্ষয়িত্ৰী৷
Leave A Comment