• মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতীৰ দেহাৱসান!

    আঞ্চলিক

    জাগীৰোডঃ মৰিগাঁও জিলা বিজেপিৰ প্ৰাক্তন সভাপতি পদ্মকান্ত কাকতীৰ দেহাৱসান! কালি নিশা ১-৪৫ বজাত নিজা বাসগৃহত শেষনিশ্বাস ত্যাগ কৰে নেতাগৰাকীয়ে৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৮ বছৰ৷

    ‘আশীৰ্বাদ যাত্ৰা’ৰ দ্বিতীয় দিনা কাকতীৰ পলাহগুৰিস্থিত বাসগৃহত উপস্থিত হৈছিল সৰ্বানন্দ সোণোৱাল৷ স্বাস্থ্যৰ বুজ লৈছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ মৃত্যুৰ আগলৈ বিজেপিৰ মৰিগাঁও জিলা জনজাতি ব’ৰ্ডৰ সভাপতি আছিল পদ্মকান্ত কাকতী৷ জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যুত সমগ্ৰ জাগীৰোডতে শোকৰ ছাঁই বিৰাজ কৰিছে৷

    Weather Forecast