• মৰ্মান্তিক : ড্ৰাগছৰ বাবে কনমানি পুত্রক বিক্রী কৰিলে পিতৃয়ে

    আঞ্চলিক
    মৰ্মান্তিক : ড্ৰাগছৰ বাবে কনমানি পুত্রক বিক্রী কৰিলে পিতৃয়ে

    মৰিগাঁও : অপৰাধৰ ৰম্যভূমি হৈ পৰিছে মৰিগাঁও৷ ড্ৰাগছক কেন্দ্ৰ কৰিয়েই জিলাখনৰ লাহৰীঘাটত ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ড্ৰাগছ সেৱনৰ বাবে নিজৰ আঢ়ৈ বছৰীয়া পুত্ৰ সন্তানক বিক্ৰী কৰিলে পিতৃয়ে। বৰবৰীৰ আমিনুল ইছলাম নামৰ ড্ৰাগছ আসক্ত লোকজনে গৰৈমাৰীৰ ছাজিদা খাতুনৰ ওচৰত বিক্ৰী কৰে নিজৰ সন্তানক।





    ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰিবলৈ চৰকাৰ তথা আৰক্ষী-প্ৰশাসনে চেষ্টা চলাই থকাৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত উচ্চ দামত বিক্ৰী হৈ আছে নিষিদ্ধ ড্ৰাগছ। ৪০০ টকাৰ ড্ৰাগছ লাহৰীঘাটত বিক্ৰী হৈ আছে ১০০০ টকাত। লাহৰীঘাটৰ ড্ৰাগছ আসক্ত পিতৃয়ে আঢ়ৈ বছৰীয়া পুত্ৰক বিক্ৰী কৰি হ’লেও ড্ৰাগছ ক্ৰয় কৰাৰ চেষ্টা কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।





    আমিনুলে ড্ৰাগছৰ বাবে নিজৰ পুত্ৰক অঞ্চলটোৰ গৰৈমাৰীৰ ছাজিদা খাতুন নামৰ এগৰাকী মহিলাৰ ওচৰত বিক্ৰী কৰিছিল। এই সন্দৰ্ভত শুকুৰবাৰে আমিনুল ইছলামৰ পত্নী তথা বিক্ৰী কৰা শিশুটিৰ মাতৃ ৰুকমিনা বেগমে এজাহাৰ দাখিল কৰিছিল লাহৰীঘাটত। ইতিমধ্যে, আৰক্ষীয়ে ড্ৰাগছ আসক্ত আমিনুল ইছলাম আৰু ছাজিদা খাতুন দুয়োকে আটক কৰিছে। আৰু শিশুটি মহিলাগৰাকীৰ কবলৰ পৰা উদ্ধাৰ কৰি মাতৃ ৰুকমিনাৰ হাতত চমজাই দিয়ে।


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjongslot gacor