• মৰ্মান্তিক : দুৰ্ঘটনাত চিৰ দিনৰ বাবে ঘুনীয়া হয় পিতা-পুত্ৰ

    আঞ্চলিক
    মৰ্মান্তিক : দুৰ্ঘটনাত চিৰ দিনৰ বাবে ঘুনীয়া হয় পিতা-পুত্ৰ

    ধুবুৰী : ধুবুৰীত আজি সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। তীব্ৰবেগী ট্ৰাকৰ খুন্দাত গুৰুতৰভাৱে আহত হয় দুই বাইক আৰোহী। দুৰ্ঘটনাটোত পিতৃৰ হাত আৰু পুত্ৰৰ ভৰি ছিঙি যায়। দুৰ্ঘটনাত পতিত হোৱা লোককেইজন গোলকগঞ্জৰ উত্তৰ টোকৰেৰছৰা ৩য় খণ্ড গাঁৱৰ পিতৃ নলেশ্বৰ ৰায় (৭২) আৰু পুত্ৰ নিৰঞ্জন ৰায়(৩৮)৷





    আৰু পঢ়িব পাৰিব : নাতিনীৰ শিক্ষাৰ বাবে বিক্ৰী কৰিছিল ঘৰ… তাৰ পিছত ঘটিল চমৎকাৰ





    গুৰুতৰভাৱে আহত পিতা-পুত্ৰই বৰ্তমানে, ধুবুৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।





    আৰু পঢ়িব পাৰিব : ‘ট্ৰাম্পতকৈও বৃহৎ দুৰ্ভাগ্যই অপেক্ষা কৰি আছে মোদীৰ বাবে…’





    উল্লেখ্য যে, ধুবুৰী-গৌৰীপুৰৰ গুৰু টেগ বাহাদুৰ পথত বনুৱাই পথৰ কাম কৰি থকাৰ সময়তে ধুবুৰীৰ পৰা গোলকগঞ্জ অভিমুখী বাইকেৰে পিতা পুত্ৰই গৈ থকা অৱস্থাত বিপৰীত দিশে আহি থকা AS -17C /1375 নম্বৰৰ তীব্ৰবেগেৰে আহি থকা ট্ৰাকখনে বাইক আৰোহীক খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয় পিতা-পুত্ৰ।