Lifestyle
Discover the astrological predictions for Aries, Leo, Virgo, and other zodiac signs on December 7, 2023...
ৱাশ্বিংটনঃ ২২ বছৰীয়া স্বৰ্ণিপল যাত্ৰাৰ সামৰণি পৰিল তাৰকা ৰেছলাৰ জন চিনাৰ। আনুষ্ঠানিকভাৱে ৱ’ৰ্ল্ড ৰেছলিং ফেডাৰেচনক বিদায় জনাইছে জন চিনাই। প্ৰখ্যাত ৰেছলাৰগৰাকীয়ে গ্ৰীষ্মকালীন শ্লামত ৰোমান ৰেইনছৰ হাতত পৰাভূত হোৱাৰ পাছত বিদায় ঘোষণা তাৰকা ৰেছলাৰগৰাকীৰ। শেহতীয়াকৈ স্মেকডাউনৰ এটা খণ্ডত ৰোমান ৰেইনছৰ মুখামুখি হৈ চেম্পিয়ন হিচাপে জন চিনাই ষ্টেডিয়াম এৰাৰ কথা দৃঢ় প্ৰত্যয়ৰে সদৰী কৰিছিল।
উল্লেখ্য যে, দীৰ্ঘ সময় ধৰি তেওঁ ৰেছলিঙৰ পৰা আঁতৰি আছিল। ৰেছলিঙৰ লগতে চিনাই তেওঁৰ হলীউড কেৰিয়াৰতো মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে। ইতমিধ্যে ফাষ্ট এণ্ড ফিউৰিয়ছ ৯ত ভিন ডিজেলৰ সৈতে অভিনয় কৰিছে জন চিনাই। ৪৪ বছৰীয়া চিনাই টুইটাৰযোগে ৰেছলঙিৰ পৰা প্ৰস্থানৰ বাতৰি প্ৰকাশ কৰিছে। সকলোকে ধন্যবাদ জ্ঞাপন কৰি তেওঁ কয়, ‘মোক এইখিনি সুযোগ দিয়াৰ বাবে মই ‘ডাব্লিউ ডাব্লিউ ই’ৰ প্ৰতি কিমান কৃতজ্ঞ, সেয়া ভাষাৰে ব্যাখ্যা কৰিব নোৱাৰি। মই কৰ্মচাৰী, ছুপাৰষ্টাৰ আৰু মোৰ সমৰ্থকসকলক ধন্যবাদ জনাইছো যে তেওঁলোকে মোক মোৰ পৰিয়ালৰ সৈতে সময় অতিবাহিত কৰাৰ সুযোগ দিছে। ৰেছলিঙৰ কেৰিয়াৰৰ মই ইয়াতে সামৰণি মাৰিছো।’ কেৰিয়াৰৰ অন্তিম খেলখনত ৰোমান ৰেইনছৰ সৈতে মুখামুখী হয় চিনাই।
Leave A Comment