Automobiles
The Jimny has a 1.5-litre petrol engine and may be purchased through a subscription plan for an all-inclusive monthly charge starting at 33,550.
ধুবুৰী : কৰ'না আতংক মাজতে অসমবাসীৰ ভাবে এটা সুখবৰ৷ ৩৮ বছৰৰ পাছত পুনৰ মুকলি হ'ব ৰূপসী বিমানবন্দৰ। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছৰ কেন্দ্ৰীয় গঢ়কপ্তানী বিভাগৰ দ্বাৰা ১৯৪৩ চনত নিৰ্মান কৰা হৈছিল ৰূপসী বিমানবন্দৰ। বিমানবন্দৰতো ব্যৱহাৰ কৰিছিল আমেৰিকাৰ দশম স্কোৱাৰ্ড বাহিনীয়ে।
আৰু পঢ়িব পাৰিব : মুখ্যমন্ত্ৰীকেন্দ্ৰিক ৰাজনীতিৰ নতুন মোৰ: দিল্লীলৈ তলব সৰ্বানন্দ-হিমন্ত
দ্বিতীয় বিশ্বযুদ্ধৰ অন্তত ১৯৭১ চনত ভাৰত পাক যুদ্ধৰ সময়ত ভাৰতীয় বায়ু সেনাই ব্যৱহাৰৰ কৰিছিল বিমান বন্ধৰটো। ১৯৫০ পৰা ১৯৬০ চনলৈ ব্যৱসায়িক কাম কাজত কলিকতাৰ পৰা ধুবুৰীলৈ যাত্ৰা কৰিছিল বহু যাত্ৰীয়ে। সামৰিক দৃষ্টিভংগীৰেও গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৰূপসী বিমানবন্দৰটোৱে।
আৰু পঢ়িব পাৰিব : ক’ভিডৰ বিৰুদ্ধে যুঁজিবলৈ সাজু বৰপেটা চিকিৎসা মহাবিদ্যালয়
বিমানবন্দৰটোৰ পৰা চীন, ভূটান ,নেপাল, বাংলাদেশৰ দূৰত্ব অতি সুবিধাজনক স্থানতো আছে। ২ হেজাৰ মিটাৰ দৈৰ্ঘ্যৰ ৰানৱে থকা বিমানবন্ধৰটো দক্ষিণ পূব এছিয়াৰ লগত সামৰিক, বাণিজ্যিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ১৯৮১ চনত ৰূপসীৰ পৰা অন্তিমটো বায়ুদূতৰ বিমান উৰা মাৰিছিল। দীৰ্ঘদিন পৰিত্যক্ত হৈ থকাৰ পিছত ২০২০ ডিচেম্বৰ মাহত পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।
Leave A Comment