আঞ্চলিক
ডিজিটেল ডেস্কঃ নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ বিধ্বংসী ৰূপত মহানগৰীত হাহাকাৰ।
কৰিমগঞ্জ : ৰাজ্যত অব্যাহত অবৈধ সুৰাৰ চোৰাং বেহা৷ নিশা অসম-ত্ৰিপুৰা সীমান্তৰ চুড়াইবাড়ীত জব্দ হয় সুৰা৷ কণী কঢ়িওৱা ট্ৰাকৰ পৰা জব্দ হয় ১৫০ কাৰ্টন সুৰা৷ জব্দকৃত সুৰাখিনিৰ মূল্য প্ৰায় ৩ লাখ টকা৷ জানিব পৰা মতে গুৱাহাটীৰ পৰা ত্রিপুৰা লৈ গৈ আছিল সুৰাখিনি।
কনি আৰু প্লাষ্টিক সামগ্ৰী ভৰ্তি কাৰ্টনৰ পিছফালে লুকাই অনা হৈছিল মেঘালয়ত নিৰ্মিত বিলাতি সুৰাৰ কার্টুনকেইটা। এই অভিযানত আটক হয় ট্ৰাকখনৰ চালক বুলেট দেববৰ্মাক৷ কৰিমগঞ্জৰ চুড়াইবাড়ী আৰক্ষীৰ অভিযানত জব্দ হয় সুৰাখিনি৷ চালকজনৰ ঘৰ ত্ৰিপুৰাৰ কৈলাশহৰত বুলি জানিবলৈ পোৱা গৈছে। বৰ্তমানে আৰক্ষীয়েই ট্ৰাক চালকক সোধপোছ অব্যাহত ৰাখিছে।
Leave A Comment