North East
ছিপাঝাৰ : দৰং জিলাৰ ঢলপুৰত ভয়ংকৰ পৰিস্থিতি। সহস্ৰাধিক উচ্ছেদিত লোকৰ প্ৰতিবাদে জুই জ্বলালে ঢলপুৰত। প্ৰতিবাদকাৰীৰ হিংসাত্মক ৰূপ। আৰক্ষীক আক্ৰমণ। শিলাবৰ্ষণ। তাৰ পাছতে অৱনতি ঘটিল পৰিস্থিতিৰ। আৰক্ষীয়ে বাধ্য হৈ গুলী চলাবলগীয়া হোৱাত দুজনকৈ প্ৰতিবাদকাৰীৰ মৃত্যু ঘটিল। আহত হ’ল আন কেইবাজনো। এই ঘটনাৰ পাছতে এতিয়া পৰিস্থিতি হৈ পৰিছে অতি স্পৰ্শকাতৰ। সোমবাৰৰপৰা দৰং জিলাৰ ঢলপুৰত চলোৱা হৈছিল উচ্ছেদ অভিযান৷ ছিপাঝাৰ বিধানসভা সমষ্টিৰ দক্ষিণ প্ৰান্তত অৱস্থিত ১ নং ঢলপুৰ আৰু ৩ নং ঢলপুৰত দৰং জিলা প্ৰশাসনৰ দ্বাৰা বৃহৎ উচ্ছেদ অভিযান চলোৱা হয়৷
অঞ্চলটোৰ পৰা ৮০০টা ঘৰৰ লগতে ৪টা ধৰ্মীয় উপাসনাগৃহও উচ্ছেদ কৰা হৈছিল৷ তাৰ পাছৰেপৰা ছিপাঝাৰৰ ঢলপুৰত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ৷ উচ্ছেদৰ বিৰুদ্ধে সহস্ৰাধিক লোক নামি পৰে প্ৰতিবাদত৷ প্ৰতিবাদকাৰীক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হয় আৰক্ষী তথা অৰ্ধ-সামৰিক লোক৷ পৰিস্থিতি অধিক উত্তপ্ত হোৱাৰ বাবে ছত্ৰভংগ দিয়াবলৈ আৰক্ষীয়ে কৰিবলগীয়া হয় গুলীচালনা৷ আৰক্ষীৰ গুলীত কমেও দুজন প্ৰতিবাদকাৰীৰ মৃত্যু হয়৷
প্ৰতিবাদকাৰীৰ শিলগুটি নিক্ষেপত কেইবাজনো আৰক্ষী আহত৷ আহত মহিলা আৰক্ষীও৷ পুৱাৰে পৰা অব্যাহত আছে উত্তপ্ত পৰিস্থিতি৷ ছিপাঝাৰৰ ঢলপুৰত আজি পুনৰ চলিছিল উচ্ছেদ৷ দ্বিতীয় দিনৰ বাবে চলিছে উচ্ছেদ অভিযান৷ সোমবাৰেও ঢলপুৰত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান৷ আজি বিশাল আৰক্ষী বাহিনী লৈ উচ্ছেদ অভিযান চলায় প্ৰশাসনে৷ উচ্ছেদ কৰা হৈছে শতাধিক পৰিয়ালৰ বাসগৃহ৷
Leave A Comment