• ৰাজনাথ সিঙৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন: কামাখ্যা মন্দিৰ দৰ্শন মন্ত্ৰীগৰাকীৰ

    আঞ্চলিক
    ৰাজনাথ সিঙৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন: কামাখ্যা মন্দিৰ দৰ্শন মন্ত্ৰীগৰাকীৰ

    গুৱাহাটী : ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ আজি অসম ভ্ৰমণৰ দ্বিতীয়টো দিন৷ আজি কামাখ্যা মন্দিৰ দৰ্শন কৰি দিনটোৰ কাৰ্যসূচী আৰম্ভ কৰে সিঙে৷ সিঙক সংগ দিয়ে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পৰিদৰ্শন কৰে সৰুসজাইত নতুনকৈ স্থাপন হোৱা ক'ভিড হাস্পতালখন৷





    আনহাতে, মন্ত্ৰীগৰাকী অসমীয়া কাকত ‘প্ৰতিদিন-সাদিন গোষ্ঠী’ৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হয়। জয়ন্ত বৰুৱাৰ মতে ৰাজনাথ সিং সৈতে বহুদিনীয়া সম্পৰ্ক তেওঁৰ৷ ৰাজ্য চৰকাৰক ধন্যবাদ জনায় সিঙে৷ DRDO কো ধন্যবাদ সিঙৰ৷ ক'ভিড যুদ্ধত ৰাজ্য চৰকাৰে লোৱা পদক্ষেপ আদৰণীয় বুলি জনাই কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে৷ বৃহস্পতিবাৰে এক বিশেষ কাৰ্যসূচীৰে অসমলৈ আহিছিল প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী৷