স্বাস্থ্য
গুৱাহাটী : ৰাজ্যত নতুনকৈ কৰ’নাত আক্ৰান্ত হৈছে ৯২গৰাকী লোক৷ যোৱা ২৪ ঘন্টাত অসমত দুজনকৈ লোকৰ মৃত্যু হয়৷ গুৱাহাটী মহানগৰীত মঙলবাৰে আক্ৰান্ত ২৬জন লোক৷ বৰ্তমান অসমত চিকিত্সাধীন হৈ আছে ১ হাজাৰ ৯৭৬ গৰাকী ক’ভিড ৰোগী৷
আৰু পঢ়িব পাৰিব : দেশত কৰ’না ভাইৰাছৰ দ্বিতীয় ঢৌৰ কালৰূপ ধাৰণ : ২৪ ঘণ্টাত মৃত্যুৰ সংখ্যা ৪৪৬ জনৰ
ইপিনে যোৰহাটৰ দেৱীচৰণ বৰুৱা কলেজৰ ১১গৰাকী ছাত্ৰী কৰ’নাত আক্ৰান্ত হয়৷ মঙলবাৰে মহাবিদ্যালয়খনত হোৱা ক'ভিড পৰীক্ষাত এই কথা পোহৰলৈ আহে। ডিব্ৰুগড়ত ১৯, নগাঁৱত ১২ জন লোক কৰ’নাক্ৰান্ত হয়৷ লগতে লামডিঙতো পুনৰ দুজনৰ শৰীৰত ক'ৰনাৰ উপস্থিতি ধৰা পৰিছে৷
আৰু পঢ়িব পাৰিব : ছহিদৰ সন্দৰ্ভত বিৰূপ মন্তব্য কৰা শিখা শৰ্মাক গ্ৰেপ্তাৰ
ক'ভিড পৰিস্থিতিৰ ওপৰত প্ৰশাসনে গুৰুত্ব নিদিলে পৰিস্থিতি জটিল হোৱাৰ আশংকা কৰা হৈছে৷ অৱশ্যে সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাটৰ পাছত এইবাৰ শিৱসাগৰ জিলাত ১৪৪ ধাৰা জাৰি কৰিছে জিলা প্ৰশাসনে৷
Leave A Comment