• ৰাজ্যত পুনৰ বাল্যবিবাহ : ৩জনক আটক

    আঞ্চলিক
    ৰাজ্যত পুনৰ বাল্যবিবাহ : ৩জনক আটক

    বৰপেটাৰোডঃ ৰাজ্যত অব্যাহত আছে বাল্যবিবাহৰ ঘটনা! বৰপেটাৰ হাউলীৰ বৰবাৰীঝাৰ গাঁৱৰ এগৰাকী ১৫ বছৰীয়া কিশোৰীক উদ্ধাৰ কৰে আৰক্ষীয়ে৷ বৰবাৰীঝাৰ গাঁৱৰ বাছেৰ আলীৰ পুত্ৰ জাহিৰুল ইছলামে বিবাহ কৰিছিল কিশোৰীগৰাকীক। এই ঘটনাৰ বিৰুদ্ধে ‘ভেৰালদি গ্ৰাম্য উন্নয়ন সংস্থা’ নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে হাউলীৰ থানাত দাখিল কৰা এজাহাৰৰ ভিত্তিত কিশোৰীগৰাকীক উদ্ধাৰৰ লগতে তিনি অভিযুক্তক আটক কৰে হাউলী আৰক্ষীয়ে৷





    আটক কৰা তিনি অভিযুক্ত হৈছে বাছেৰ আলী, জাহিৰুল ইছলাম আৰু আবুল কাশেম৷ ইপিনে যিসময়ত দেশৰ চৰকাৰে বাল্যবিবাহ বন্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰণয়ন কৰিছে, সেই সময়তে আদালতত ন'টাৰীৰ জৰিয়তে অবাধে বাল্যবিবাহ অনুষ্ঠিত কৰাৰ অভিযোগ উত্থাপিত হৈছে৷





    বাল্যবিবাহ ৰোধ কৰা আৰু ৰাইজৰ মাজত সজাগতাৰ প্ৰয়াস চলাই অহা স্বেচ্ছাসেৱী সংস্থা ভেৰালদি গ্ৰাম্য উন্নয়ন সংস্থা নামৰ স্বেচ্ছাসেৱী সংস্থাটোৱে ন'টাৰিৰ জৰিয়তে চলি থকা বাল্যবিবাহৰ ঘটনাৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগে বিশেষ গুৰুত্ব বহন কৰিছে৷


    sabung ayam onlinecasino onlinesv388baccarat onlinelive baccaratlive casinogame onlineslot gacor lah apa lagislot gacormahjong ways game gacor maxwinkemewahan scatter hitam game gacorsyarat meraih 125juta game mahjong wins 3game gacor pragmatic 2025 mahjong wins 3adu jackpot 2 game gacor mahjong