• ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে নন্দিতা দেৱীলৈ ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা’

    আঞ্চলিক
    ‘বঙল বহু দূৰ’ উপন্যাসৰ বাবে নন্দিতা দেৱীলৈ ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা’

    ডিজিটেল ডেস্কঃ ‘অসম প্ৰকাশন পৰিষদ’ৰ সচিব প্ৰমোদ কলিতাই আজি সংবাদমেল সম্বোধন কৰে। সংবাদমেলত ‘প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২০২১’ ঘোষণা কৰা হয়। ডাঃ নন্দিতা দেৱীৰ ‘বঙল বহু দূৰ’ এই গ্ৰন্থখনে লাভ কৰে এই বঁটা। গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা হ’ব এই বঁটা। এই বঁটাত ২লাখ টকা দিয়া হ’ব লেখক আৰু প্ৰকাশকক। ‘জ্যোতি প্ৰকাশন’-এ কৰিছিল এই গ্ৰন্থখন প্ৰকাশ, প্ৰকাশক নগেন শৰ্মা। পুৰস্কাৰ হিচাবে লেখক-প্ৰকাশক উভয়কে দুই লাখকৈ টকা প্ৰদান কৰা হ’ব প্ৰকাশন পৰিষদৰ পৰা।









    গ্ৰন্থ নিৰ্বাচনৰ বাবে দুতৰপীয়া সমিতি গঠন কৰা হৈছিল। নিৰ্বাচক সমিতিৰ অধ্যক্ষ আছিল সুমন্ত চলিহা, কৰবী ডেকা হাজৰিকা, দীপ্তি ফুকন পাটগিৰি, লিনা শৰ্মা আৰু উৎপল দত্ত এই পাঁচগৰাকীক লৈ চূড়ান্ত নিৰ্বাচক সমিতি গঠন কৰা হৈছিল।









    ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী লৈ অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’ব এইবাৰৰ গ্ৰন্থমেলা। বিগত বছৰত ক’ভিড পৰিস্থিতিৰ মাজতেও গ্রন্থমেলাই সকলো ৰেকৰ্ড ভংগ কৰি গ্ৰন্থ বিক্ৰীৰ অভিলেখ সৃষ্টি কৰিছিল। ১ কোটি ৯২ লাখ গ্ৰন্থ বিক্ৰী হৈছিল ২০২০-২১ বৰ্ষত। এইবাৰৰ গ্ৰন্থমেলাত মুঠ ১১৫ খন বিপণী থাকিব। ইয়াৰে দিল্লীৰ ১০খন, কলিকতাৰ ৫খন আৰু ঢাকাৰ ৫খন বিপণী থাকিব। সম্পূৰ্ণ ক’ভিড বিধি অনুসৰি অনুষ্ঠিত কৰা হ’ব গ্রন্থমেলা। ১৬খন গ্ৰন্থ সংকলন পোৱা যাব প্ৰকাশন পৰিষদৰ এই গ্ৰন্থমেলাত।









    ইবাৰো প্ৰকাশন পৰিষদৰ আশা যে, যথেষ্ট বিক্ৰী হ’ব কিতাপ আৰু পূৰ্বৰ অভিলেখ ভংগ হ’ব গ্ৰন্থ বিক্ৰীৰ। প্ৰতি সপ্তাহৰ শনি আৰু দেওবাৰে এটাকৈ সাধু আপলোড কৰিব পৰিষদৰ ইউটিউব পেজত। প্ৰথম সাধুটোত বিষ্ণু খাৰঘৰীয়াই কণ্ঠ নিগৰাইছে। জানুৱাৰীত মুকলি কৰিব এই ইউটিউব চেনেলটো। অসম প্ৰকাশন পৰিষদৰ শেহতীয়াকৈ প্ৰকাশিত হীৰেন ভট্টাচাৰ্য্যৰ ‘ৰচনাৱলী’ কিতাপখনে যথেষ্ট সমাদৰ লাভ কৰিছে।