National
A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day after the main opposition leader was disqualified from parliament. Gandhi claimed...
Digital Desk: A combative Rahul Gandhi slammed Prime Minister Narendra Modi a day
গুৱাহাটী : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আগমনৰ এদিন পূৰ্বে চাহ শ্ৰমিকৰ প্ৰতিবাদত কঁপি উঠিছে সমগ্ৰ ৰাজ্য৷ আজি পুৱাৰ পৰা চাহ-শ্ৰমিকৰ প্ৰতিবাদত কঁপি উঠিছে শোণিতপুৰৰ ৰঙাপৰাৰ বৰজুলি, ভেৰগাঁৱৰ বৰংগাজুলি, ডুমডুমা, তামুলপুৰ, চৰাইদেউ সাপেখাতীৰ ঘোৰাজান, নুমলীগড়ৰ ঢলাগুৰিকে ধৰি ৰাজ্যৰ বিভিন্ন চাহ-বাগিচা৷ প্ৰতিবাদকাৰীৰ অভিযোগ, চাহ শ্ৰমিকক 'কনা হাঁহক পতান' দিয়াৰ দৰে মজুৰি দিছে চৰকাৰে৷
আৰু পঢ়িব পাৰিব :৪০ লাখ ট্ৰেক্টৰ লৈ সংসদ ভৱন ঘেৰাও কৰিব কৃষকে!
দিনে ২১৭ টকা মজুৰি নিৰ্ধাৰণ কৰি বিজেপি চৰকাৰখনে চাহ শ্ৰমিকক চৰম প্ৰতাৰণা কৰিছে বুলি অভিয়োগ তেওঁলোকৰ৷ ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি দলে নিৰ্বাচনী ইস্তাহাৰত চাহ শ্ৰমিকৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি, চাহ জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান, ভূমিপট্টা প্ৰদান কৰা আদিৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল৷ কিন্তু বিজেপিয়ে ৰাজ্যখনৰ শাসনভাৰ লাভ কৰি চাহ শ্ৰমিককসকলক প্ৰদান কৰা নিৰ্বাচনি প্ৰতিশ্ৰুতি ফুটুকাৰ ফেন হিচাপে পৰিগণিত হয়|
আৰু পঢ়িব পাৰিব :‘নিসংগতা মন্ত্ৰী’ : আত্মহত্যা ৰোধৰ বাবে সৃষ্টি হ’ল নতুন দপ্তৰ
শেহতীয়াকৈ ৰাজ্যখনৰ আঠ লাখ চাহ শ্ৰমিকক চৰকাৰে ৩০০০ টকাকৈ প্ৰদান কৰে আৰু শ্ৰমিকৰ দৈনিক মজুৰি মাত্ৰ ৫০ টকাকৈ বৃদ্ধি কৰি ২১৭ টকা দৈনিক মজুৰি নিৰ্ধাৰণ কৰে| চৰকাৰখনৰ এনে শ্ৰমিকবিৰোধী কাৰ্যক লৈ অসম চাহ মজদুৰ সংঘই তীব্ৰভাৱে ক্ষোভিত হৈ বাগিচাই বাগিচাই চৰকাৰ বিৰোধী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছে| শ্ৰমিকক ৩৫১ টকা দৈনিক মজুৰি নিৰ্ধাৰণ, জনজাতিকৰণ আদিৰ লগতে সংঘৰ ১১ দফীয়া পূৰণ নোহোৱা পৰ্যন্ত ৰাজ্যখনৰ চাহ শ্ৰমিকে প্ৰতাৰক চৰকাৰখনৰ বিৰোধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি যাব বুলি হুংকাৰ দিয়ে|
Leave A Comment