ডিজিটেল ডেস্ক: প্ৰচণ্ড খৰাঙত নদ-নদী, খাল-পুখুৰী শুকাই যোৱা সদৃশ বতৰে কাল মাতিছে হস্তীকুললৈ। যোৱা বুধবাৰে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ এটি হাতীৰ পোৱালীৰ কৰুণ মৃত্যুক সাৱটি ল'ব লগা হয়। উল্লেখযোগ্য যে ৰাজ্যত এসপ্তাহৰ ব্যৱধানতে মৃত্যু হৈছে তিনিটাকৈ হাতী পোৱালীৰ। পূৰ্বৰ দুয়োটা হাতী পোৱালী পানীভৰ্ত্তি কুঁৱাত পৰি মৃত্যু হোৱাৰ বিপৰীতে (আজি) মঙলবাৰে আন এটা হাতী পোৱালী চাহ বাগিছাৰ নলাত পৰি মৃত্যু হ’য়। এইবাৰৰ ঘটনাৰ স্থান ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ অন্তৰ্গত নোনাইপাৰা চাহ বাগিছা ৷
খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীৰ জাকটোৱে বিচৰণ কৰা অঞ্চলটোত পানী খাবলৈ গৈ নলাত পৰি মৃত্যুক আঁকোৱালী লয় কণমানি হাতী পোৱালীটোৱে। এসপ্তাহৰ ব্যৱধানতে জিলাখনত তিনিটাকৈ হাতী পোৱালীৰ মৃত্যুক লৈ চিন্তিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী সকল। কিন্তু ইয়াৰ বিপৰীতে এতিয়াও গা লৰা নাই ৰাজ্যৰ বিয়াগোম বন বিভাগৰ৷
ঘটনাক্ৰমে নিশা নোনাইপাৰা চাহ বাগিছাত প্ৰৱেশ কৰিছিল এটি বৃহৎ বন্যহস্তীৰ জাক। জাকৰ লগতে থকা এক ডেৰমহীয়া হাতী পোৱালীটো নলাত পৰি যোৱাত উঠিব নোৱাৰিয়ে মৃত্যুক আঁকোৱালী ল’য় ৷ পুৱাই বাগিছাৰ শ্ৰমিকে মৃত পোৱালীটো প্ৰত্যক্ষ কৰি বনবিভাগক খবৰ দিয়ে ৷ লগে লগে স্থানীয় ৰাইজ আৰু বন বিভাগৰ লোক জেচিবি লৈ ঘটনাস্থলীত উপস্থিত হয় যদিও তিনিটাকৈ বৃহৎ হাতী মৃত পোৱালীটোৰ কাষত অৱস্থান কৰি থকাত এই পৰ্যন্ত বন বিভাগৰ লোক সেই স্থানত উপস্থিত হ'ব পৰা নাই ৷ হাতী কেইটাক পোৱালীটোৰ কাষৰ পৰা আঁতৰাই পঠাবলৈ বাৰম্বাৰ চেষ্টা কৰিও বিফল হ’য় বনকৰ্মী সকল ৷ কোনো কাৰণতে পোৱালীটোৰ কাষৰ পৰা আঁতৰি যাবলৈ সন্মত নহ’য় হাতীকেইটা। বাধ্য হৈ সকলোৱে দুৰতে থমকি ৰবলগীয়া হয় ৷ এই দৃশ্যই এতিয়া চকু সেমেকাইছে সকলোৰে ৷
উল্লেখযোগ্য যে ওদালগুৰি জিলাৰ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমূহত নিৰৱছিন্নভাৱে চলি অহা হাতী মানুহৰ সংঘাতৰ মাজতে যোৱা বুধবাৰেও ( ০৭.০৬. ২০২৩) ভেৰগাঁৱৰ ডিমাকুছি ভোলাটাৰত এটি বন্যহস্তীৰ পোৱালীৰ কুঁৱাত পৰি কৰুণ মৃত্যু হ’য় । জিলাখনৰ বাদলাপাৰা চাহ বাগিছাত বাহৰ পাতি থকা বন্যহস্তীৰ এটি বৃহৎ জাকৰ পৰা ফালৰি কাটি পোৱালীৰ সৈতে হাতীটো নিশা ২ নং ভোলাটাৰ গাঁৱত প্ৰৱেশ কৰে ৷ মাকৰ সৈতে গাঁওখনত প্ৰৱেশ কৰা পোৱালীটো পিয়াহত ক্ষুধা নিবাৰণৰ বাবে পানী খাবলৈ আহি অসাবধানতাৰ বাবে এটি কুঁৱাত পৰি যোৱাত কৰুণভাৱে মৃত্যুক আঁকোৱালি লয়।
Leave A Comment