• পৰিচালক মানস বৰুৱাৰ সৈতে বিবাহ জানমণি খ্যাত শ্যামন্তিকা শৰ্মাৰ

    আঞ্চলিক
    পৰিচালক মানস বৰুৱাৰ সৈতে বিবাহ জানমণি খ্যাত শ্যামন্তিকা শৰ্মাৰ
    ডিজিটেল ডেস্কঃ মাঘত মামণিৰ বিয়া নহয়, এইবাৰ মাঘত জানমণিৰ বিয়া। ৰীল লাইফত নহয় ৰিয়েল লাইফত বিবাহপাশত আৱদ্ধ হ'ল অসমৰ জানমণি খ্যাত শ্যামন্তিকা শৰ্মা । 

    যশস্বী নাট্যকাৰ প্ৰয়াত মুনীন বৰুৱা আৰু মঞ্জুলা বৰুৱাৰ সুযোগ্য সন্তান মানস বৰুৱাৰ সৈতে পাণি গ্ৰহণ শ্যামন্তিকা শৰ্মাৰ। যাক লৈ চৰ্চা লাভ কৰিছে সামাজিক মাধ্যমত।মাঘৰ হীমচেচাঁ শীতৰ উমাল পৰশ লৈ মাহ হালধিৰে গাত সানি মানস বৰুৱাৰ সৈতে বিবাহ পাশত আবদ্ধ হয় শ্যামন্তিকা শৰ্মাই। গোলাঘাটৰ বৰগছ ৰিৰ্জটৰ বাকৰিত অনুষ্ঠিত হয় বিবাহ অনুষ্ঠান।

    আয়তিৰ মংগল উৰুলী ধ্বনিৰে জ্যেষ্ঠ জনৰ আৰ্শীবাদ, শুভাশীষ তথা আইনী প্ৰক্ৰিয়াৰে অনুষ্ঠিত হয় বিবাহ । ন-কইনাৰ সাজ পৰিধান কৰি নতুন জীৱনৰ পাতনি মেলে অভিনেত্ৰীগৰাকীয়ে ৷ যুগ্ম জীৱনৰ নতুন বসন্ত লৈ প্ৰাগ নিউজ ডিজিটেলৰ তৰফৰ পৰাও দুয়োলৈ অযুত শুভ কামনা।