• তেজপুৰৰ লিচুৱে সমাদৰ পালে, ভাৰতৰ ভিতৰতে স্থান লাভ কৰিও প্ৰচাৰ নাপালে তেজপুৰৰ আনাৰসে

    আঞ্চলিক
    তেজপুৰৰ লিচুৱে সমাদৰ পালে, ভাৰতৰ ভিতৰতে স্থান লাভ কৰিও প্ৰচাৰ নাপালে তেজপুৰৰ আনাৰসে

    ডিজিটেল ডেস্ক : হঠাতে তেজপুৰৰ
    লিচুক কেন্দ্ৰ কৰি সংবাদ মাধ্যমত ব্যাপক চৰ্চা চলিছে। তেজপুৰৰ লিচুৰ সমাদৰ এয়া প্ৰথম
    নহয়। অসমৰ ভিতৰতে তেজপুৰৰ লিচু ব্যতিক্ৰম বুলি পৰিচয় আছে। বিশেষকৈ ইয়াৰ সোৱাদ, আকাৰত
    ৰাজ্যখনৰ অন্য স্থানত উৎপন্ন হোৱা লিচুতকৈ বৃহৎ পাৰ্থক্য আছে। তেজপুৰত অনুষ্ঠিত হোৱা
    অসম মন্ত্ৰীসভাৰ কেবিনেট বৈঠকৰ পাছতে মুখ্যমন্ত্ৰীয়ে লিচুক লৈ তৎপৰ হৈ পৰে। মুখ্যমন্ত্ৰীয়ে
    তেজপুৰৰ লিচু লণ্ডনলৈ পঠোৱাৰ বাবে আগভাগ লয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিশ্চয়
    জানে যে কেৱল লিচুৱে নহয়, তেজপুৰৰ আৰু দুবিধ সম্পদ অসম তথা ভাৰতৰ ভিতৰতে প্ৰসিদ্ধি
    লাভ কৰিছে। তেজপুৰৰ লিচু যেনেকৈ অন্য স্থানৰ লিচুৰ সৈতে একেবাৰে নিমিলে, সেইদৰে তেজপুৰৰ
    আনাৰসো ভাৰত বিখ্যাত। কেন্দ্ৰীয় চৰকাৰৰ কৃষি বিভাগে নতুন দিল্লীত আয়োজন কৰা উদ্যান
    শস্য মেলাৰ প্ৰতিযোগিতাত একাধিকবাৰ তেজপুৰৰ আনাৰসে প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰিছিল।
    তেজপুৰৰ আনাৰসৰ সোৱাদৰ বাবেই এই প্ৰতিযোগিতাত স্থান লাভ কৰা বুলি কোৱা হৈছিল। তেজপুৰৰ
    আনাৰস মূলতঃ দেউৰী গাঁও আৰু কেতেকীবাৰীত এসময়ত প্ৰচুৰ উৎপন্ন হৈছিল। কেতেকীবাৰীৰ ঘৰে
    ঘৰে আছিল আনাৰসৰ একোখন বাগান। তৃতীয়তে ড০ ভূপেন হাজৰিকাই তেওঁৰ গীতৰ জৰিয়তে তেজপুৰৰ
    নদীসমূহত পোৱা বৰালী মাছৰ সোৱাদ আন কোনো স্থানৰ নৈৰ বৰালীৰ সৈতে নিমিলে বুলি কৈ গৈছে।



     অসমৰ প্ৰতিখন ঠাই নিৰ্দিষ্ট একোবিধ
    সামগ্ৰীৰ বাবে পৰিচিত। যিদৰে তাঁতশিল্পৰ বাবে শুৱালকুছি, কাঁহশিল্পৰ সৰ্থেবাৰী,
      সৰভোগ-ৰামদিয়া দৈ, বোকাখাত পোৰা, ওৰাং ৰসগোল্লাৰ
    বাবে বিখ্যাত। এই প্ৰসংগতে উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত সৰ্বানন্দ সোণোৱালে
    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰতি বছৰে তেজপুৰৰ লিচু আৰু আনাৰস উপহাৰ হিচাপে প্ৰেৰণ
    কৰিছিল। দুৰ্ভাগ্যজনক কথাটো হ’ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই লণ্ডনলৈ তেজপুৰৰ
    পৰা লিচু প্ৰেৰণৰ শুভাৰম্ভ কৰিলে যদিও ইয়াৰ স্থায়িত্বক লৈ এতিয়াও ৰাইজৰ মাজত সন্দেহ
    শেষ হৈ যোৱা নাই। অসম চৰকাৰে বিষয়বোৰ কেৱল প্ৰচাৰৰ বাবে গ্ৰহণ নকৰি ইয়াৰ বাণিজ্যিকৰণৰ
    লগতে ইয়াৰ সৈতে জড়িত লোকসকলৰ উন্নয়নৰ দিশটোত মনোযোগ দিয়া উচিত আছিল। অথচ এই কামটোকে
    আজিলৈকে কৰা নহ’ল। তেজপুৰৰ মাটি আৰু জলবায়ু উৎকৃষ্ট লিচু খেতিৰ বাবে উপযোগী। চৰকাৰে
    বাণিজ্যিকভাৱে তেজপুৰত লিচু উৎপাদন কৰাৰ লগতে ইয়াৰ সৈতে তজেপুৰৰ শিক্ষিত যুৱপ্ৰজন্মক
    জড়িত কৰাবলৈ চেষ্টা চলাব লাগিছিল।



     অথচ এই কামটো আজিকোপতি কৰা হোৱা
    নাই। ১৯২২-২৩তে প্ৰসিদ্ধ অসমীয়া পদ্মনাথ গোহাঞিবৰুৱাই ৰুই যোৱা লিচুজোপাৰ পাছত ইয়াক
    লৈ আজিলৈকে বিশেষ চৰ্চা নহ’ল। তেজপুৰৰ যুৱপ্ৰজন্মৰ মাজত লিচু খেতিৰ গুৰুত্ব, ইয়াৰ ব্যৱসায়িক
    দিশটোক লৈ চৰকাৰীভাৱে কোনো ধৰণৰ সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰা হোৱা নাই। তেজপুৰ চহৰ
    আৰু ইয়াৰ আশে-পাশে যথেষ্টসংখ্যক চৰকাৰী মাটি আছে। এই মাটিবোৰত লাহে লাহে বেদখল আৰম্ভ
    হৈছে। এনেকুৱা মাটিত অসম চৰকাৰৰ কৃষি নতুন উদ্যান শস্য বিভাগে ব্যৱসায়িক ভিত্তত লিচু
    গছ ৰোপণ কৰাৰ কথা চিন্তা কৰিব পাৰে। ভৱিষ্যতৰ দিনবোৰত লিচু খেতিৰ প্ৰসাৰ কৰিবলৈ হ’লে
    চৰকাৰে এনেকুৱা প্ৰচেষ্টা ল’ব লাগিব।



     কেৱল তেজপুৰৰ লিচুক লৈয়ে নহয়, অসমৰ
    বিভিন্ন স্থানৰ বিশেষত্ব আৰু স্থানীয় গৌৰৱক লৈ চৰকাৰ সচেতন হোৱাৰ প্ৰয়োজন আছে। ওৰাঙৰ
    ৰসগোল্লাৰ কথা অসমৰ প্ৰতিজন নাগৰিকৰ জ্ঞাত। ওৰাঙৰ ৰসগোল্লাক ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয়
    স্তৰলৈ নিয়াৰ বাবে চৰকাৰৰ কোনো ধৰণৰ উদ্যোগ নাই। কিছুদিন পূৰ্বে ৰসগোল্লাক লৈ পশ্চিমবংগ
    আৰু ওড়িশাৰ মাজত বিতৰ্ক হৈছিল। ৰসগোল্লাৰ সৃষ্টি আচলতে ক’ত আৰু ক’ৰ ৰসগোল্লা আটাইতকৈ
    সুস্বাদু, ইয়াক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কত অসমে ভাগ নল’লে। এইক্ষেত্ৰত ওৰাঙৰ
    ৰসগোল্লাৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে। ওৰাঙৰ ৰসগোল্লাক লৈ কিয় ইমান চৰ্চা, সেই দিশটো
    এইপৰ্যন্ত বিশেষভাৱে আলোচিত হোৱা নাই। এই কথাবোৰ স্থানীয় জনপ্ৰিতিনিধি আৰু চৰকাৰে পাৰপ্ৰদীপলৈ
    অনাৰ প্ৰয়োজনীয়তা আছে।



     সৰ্থেবাৰীৰ কাঁহ-পিতল অসম বিখ্যাত।
    কেঁচা সামগ্ৰীৰ ঊৰ্ধ্বমুখী মূল্য আৰু ষ্ট্ৰীলৰ বাচন চাহিদা বৃদ্ধিয়ে অসমৰ ৰাইজৰ মাজত
    কাঁহ-পিতলৰ গুৰুত্ব হ্ৰাস কৰিছে নেকি? সৰ্থেবাৰীৰ কাঁহ-পিতলৰ উদ্যোগ বৰ্তমান সংকটৰ
    সন্মুখীন। চৰকাৰে এই কথাবোৰৰ গুৰিলৈ যোৱাৰ প্ৰয়োজনীয়তা নথকা নহয়। এইক্ষেত্ৰত আটাইতকৈ
    প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে শুৱালকুছিৰ তাঁতশিল্প। শুৱালকুছিৰ তাঁতশিল্পৰ প্ৰতি বেনাৰসকে
    ধৰি ভাৰতৰ বিভিন্ন ৰাজ্যত উৎপাদিত হোৱা চিল্কৰ সামগ্ৰীয়ে ভাবুকি আনিছে।



     গুৱাহাটীৰ বজাৰত নকল পাট আৰু বেনাৰসী
    পাটৰ কাপোৰে ভৰি পৰিছে। শুৱালকুছিত উৎপাদিত পাট-মুগাৰ কাপোৰতকৈ বেনাৰসী পাটৰ কাপোৰৰ
    দাম স্বাভাৱিকতে কম। ফলত গ্ৰাহক বেনাৰসী পাটৰ প্ৰতি আগ্ৰহী। এনেস্থলৰ সামগ্ৰিকভাৱে
    ক্ষতিৰ সন্মুখীন হৈছে শুৱালকুছিৰ শিল্প উদ্যোগ। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ এই উদ্যোগ
    এতিয়া ৰোগাক্ৰান্ত। নতুনকৈ কোনো লোকে তাঁতশাল স্থাপনৰ পোষকতা নকৰে। পুৰণি যিসকলে তাঁতশিল্পৰ
    জৰিয়তে জীৱিকাৰ সন্ধান কৰিছিল, তেওঁলোকৰ বহুতে ইয়াৰ পৰা আঁতৰি আহিছে। কেঁচামালৰ বৰ্ধিত
    মূল্যৰ বাবে শুৱালকুছিত উৎপাদিত পাট-মুগাৰ কাপোৰৰ দাম স্বাভাৱকিতে বাঢ়িবলৈ লৈছে। উল্লেখযোগ্য
    যে শুৱালকুছিৰ তৰুণ প্ৰজন্মৰ তাঁতশিল্পৰ প্ৰতি কোনো আগ্ৰহ নাই। ইয়াতকৈ ডাঙৰ কথাটো হ’ল,
    কেঁচা মুগাৰ ছিণ্ডিকেটৰ বাবে ইয়াৰ মূল্যবৃদ্ধি পাবলৈ লৈছে। অসমৰ পৰা কেঁচামাল বিদেশলৈ
    প্ৰেৰণ কৰা হয়। পাট-মুগা শিল্পত সৃষ্টি হোৱা ছিণ্ডিকেটক লৈ বিভিন্নজনে মাত মাতি আহিছে
    যদিও কাৰ্যতঃ ই কামত অহা নাই।



     আজি মুখ্যমন্ত্ৰীয়ে তেজপুৰৰ লিচুক
    লৈ যি ধৰণৰ প্ৰচাৰ চলাইছে, ইয়াৰ পাছত তেজপুৰৰ লিচুক লৈয়ো যে ছিণ্ডিকেটৰ সৃষ্টি নহ’ব,
    তাৰ কোনো নিশ্চয়তা নাই। অসমত চৰকাৰ সলনি হয়, মুখ্যমন্ত্ৰী সলনি হয়, কিন্তু ছিণ্ডিকেট
    চলি থাকে। ছিণ্ডিকেট চলোৱাৰ মানুহ সলনি হ’ব পাৰে, কিন্তু ছিণ্ডিকেট বন্ধ নহয়। ছিণ্ডিকেটৰ
    বাবেই অসমত সকলো সামগ্ৰীৰ মূল্য ঊৰ্ধ্বমুখী। মুখেৰে চৰকাৰে ছিণ্ডিকেটৰ বিৰুদ্ধে যুদ্ধ
    ঘোষণা কৰিলেও ভিতৰি চৰকাৰৰ উদ্যোগতে ছিণ্ডিকেট চলি আছে।



     নিৰ্বাচনত শাসক দলে যিদৰে ধন খৰচ
    কৰে, এই ধন মন্ত্ৰী-বিধায়কে দৰমহাৰ পৰা নিদিয়ে। স্বাভাৱিকতে নিৰ্বাচনী প্ৰচাৰ, কিছুমান
    মানুহৰ মাজত নগদ ধন বিতৰণ আদি কৰিবৰ বাবে ছিণ্ডিকেটৰ জৰিয়তে দন আহৰণ কৰাৰ বাহিৰে বিকল্প
    নাথাকে। এয়া অপ্ৰিয় সত্য। ছিণ্ডিকেটৰ ঊৰ্ধ্বলৈ গৈ চৰকাৰে অসম লিচু, পেৰা, ৰসগোল্লা,
    পাট-মুগা শিল্প, কাঁহ-পিতলৰ শিল্পৰ প্ৰসাৰ আৰু প্ৰচাৰ কৰিব পাৰিব নে নাই, সন্দেহ আছে।
    ছিণ্ডিকেটৰ হাতোৰা লাহে লাহে তেজপুৰৰ লিচুৰ বজাৰতো যে পৰিব, সেয়াও নিশ্চিত।



     থলুৱা সামগ্ৰী আৰু সম্পদৰ সঠিক
    প্ৰচাৰ আৰু প্ৰসাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব দি আহিছে। প্ৰধানমন্ত্ৰীয়ে
    লোকেল ফৰ ভোকেল বুলি শ্ল’গান আওৰাইছে। ইয়াৰ পাছত অসমত এই শ্ল’গানৰ গুৰুত্ব কিমান বুলি
    প্ৰশ্ন উঠিছে। অসমত থলুৱাভাৱে উৎপাদিত সামগ্ৰী বজাৰখনৰ প্ৰতি চৰকাৰে কিদৰে সহযোগ কৰিব,
    তাৰ বাবে নিৰ্দিষ্ট ৰূপৰেখা প্ৰস্তুত কৰাৰ প্ৰয়োজনীয়তা আছে। এদিন অসমৰ পৰা লণ্ডনলৈ
    নেমু, ৰঙালাও আদি প্ৰেৰণ কৰিছিল। ইয়াৰ ধাৰাবাহিকতা জানো ৰক্ষা কৰা হ’ল? প্ৰচাৰতে সকলো
    শেষ কৰা হয়। কোনোটো কাম ধাৰাবাহিকভাৱে আগবঢ়াই নিবৰ বাবে কাৰো আগ্ৰহ নাই।