ডিজিটেল ডেস্ক: অসমৰ ধানৰ ভঁৰালৰূপে খ্যাত তিতাবৰৰ কেইবাখনো পথাৰত উৎপাদিত চাউলত মানৱ শৰীৰৰ বাবে ভয়াৱহ আৰ্ছেনিক ধৰা পৰা বুলি কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ এগৰাকী গৱেষকে উত্থাপন কৰা দাবীৰ পাছতে তিতাবৰৰ চাউলৰ বজাৰখনত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
উল্লেখযোগ্য যে শতিকা প্ৰাচীন কালৰে পৰা তিতাবৰৰ চাউলৰ এক বিশেষপৰিচয় আৰু আদৰ আছে। তিতাবৰৰ চাউলে ৰাজ্যত নিজা এক পৰিচয় দাঙি ধৰি উজলি উঠাই নহয়, সমাদৰ লাভ কৰিছে। তিতাবৰৰ চাউলৰ বজাৰে ৰাজ্যৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই অহাৰ সময়ত আৰ্ছেনিক প্ৰসংগই সমগ্ৰ ব্যৱস্থালৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে।
বিভিন্ন দল-সংগঠনে কৃষি বিশ্ববিদ্যালয়ৰ ভূ-বিজ্ঞানীগৰাকীৰ গৱেষণাক সন্দেহজনক আখ্যা দি ইয়াত ৰাজ্য চৰকাৰক স্পষ্ট দৃষ্টিভংগী প্ৰকাশ কৰিবলৈ দাবী তুলিছিল। ইফালে আৰ্ছেনিক বিষয় ৰাজহুৱা হোৱাৰ পাছত বজাৰত তিতাবৰৰ চাউল প্ৰত্যাহ্বানৰ সম্মুখীন হোৱাৰ বাতৰি পোৱা গৈছে। ৰাজ্যৰ লগতে চুবুৰীয়া ৰাজ্যত চাউলৰ ব্যৱসায় কৰি অহা কেইবাগৰাকী যুৱকে ইতিমধ্যে তিতাবৰৰ চাউলৰ বজাৰে সম্মুখীন হোৱা প্ৰত্যাহ্বান সদৰী কৰিছে। পূৰ্বৰে পৰা প্ৰদান কৰি অহা চাউলৰ দাম আৰ্ছেনিক প্ৰসংগ ৰাজহুৱা হোৱাৰ পাছত অভাৱনীয়ভাৱে কমাই দিয়া বুলি উল্লেখ কৰি যুৱ ব্যৱসায়ীকেইজনে নিজৰ অসহায়তা প্রকাশ কৰে। এনে স্থিতি অব্যাহত থাকিলে তিতাবৰৰ চাউলে নিজস্ব পূৰ্বৰ গৰিমা হেৰুৱাই পেলোৱাৰ লগতে বজাৰখন থানবান হৈ পৰিব বুলি শংকা প্রকাশ কৰে।
কৃষক মুক্তি সংগ্রাম সমিতিয়ে আজি মুখ্যমন্ত্রীক বিষয় সন্দৰ্ভত স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে। তিতাবৰ সম-জিলা আয়ুক্তৰ জৰিয়তে প্ৰদান কৰা পত্ৰত তিতাবৰৰ স্বাভিমান জড়িত থকা বিষয়ত মুখ্যমন্ত্ৰীৰ জৰুৰী পদক্ষেপ দাবী কৰা হৈছে। কৃষি বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ আৰ্ছেনিক বিষয়ত মৌনতা ৰহস্যজনক বুলি সমিতিয়ে উল্লেখ কৰি ভূ-বিজ্ঞানীগৰাকীৰ গৱেষণাৰ সত্যতা সম্পর্কত প্রশ্ন তুলি এই বিষয়ত গোচৰ তৰা হ'ব বুলি ঘোষণা কৰিছে। এগৰাকী ভূ-বিজ্ঞানীয়ে পৰস্পৰৰ বিৰোধী কথা সদৰী কৰাৰ পাছতো সংশ্লিষ্ট কর্তৃপক্ষই নীৰৱ দুৰত্বত অৱস্থান গ্ৰহণ কৰা বিষয়ৰ বিৰুদ্ধে তিতাবৰৰ কৃষক ক্ষুব্ধ হৈ ৰাজপথলৈ অহাৰ প্ৰস্তুতি অব্যাহত ৰখা পৰিস্থিতিত প্রশাসনে কি পদক্ষেপ গ্রহণ কৰে, সেয়া লক্ষণীয় হ'ব।
Leave A Comment