ডিজিটেল ডেস্কঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলত এতিয়া এটুপি পানীৰ বাবে হাহাকাৰ কৰিব লাগিছে বন্য প্রাণীয়ে। আন বছৰৰ তুলনাত এইবাৰ দীৰ্ঘদিন ধৰি বৰষুণ নোহোৱাত ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা জলাশয়, খাল, বিল, নদী আদি শুকাই যোৱাত জলজ প্রাণীৰ লগতে গঁড়, হাতী, ম'হ আদি বন্য প্রাণীবোৰ ভীষণ সমস্যাত পৰিছে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পানীৰ প্ৰধান উৎস হ'ল ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ দিশে বৈ যোৱা ব্ৰহ্মপুত্ৰ। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ দক্ষিণ দিশে থকা অর্থাৎ কাৰ্বি পাহাৰৰ পৰা বৈ অহা নৈ, জান, জুৰি, নিজৰা আদি। সমতলৰ লগতে কাৰ্বি পাহাৰতো বৰষুণৰ পৰিমাণ সাংঘাতিকভাবে হ্রাস পোৱাত উক্ত পানীৰ উৎসবোৰৰ পানী কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ অহা একপ্ৰকাৰ বন্ধ হৈ পৰিছে।
অন্যহাতে বাধাহীনভাবে কার্বি পাহাৰত বিশেষকৈ মাটি খনন হোৱাত প্রাকৃতিক পানীৰ উৎস বন্ধ হোৱাৰ উপক্রম হৈছে। এই সন্দর্ভত বিভাগীয় এক সূত্ৰৰ পৰা জানিব পৰা মতে, উদ্যানৰ অন্তৰ্ভাগত প্রায় এশখন স্থায়ী বিল, খাল, নদী আদি জলাশয়ৰ লগতে ঋতুকালীন জলাশয় দুশখনমান আছে।
উদ্যানৰ উত্তৰেদি বৈ যোৱা ব্ৰহ্মহ্মপুত্র নদীৰ লগতে কাৰ্বিপাহাৰৰ পৰা বৈ অহা বিভিন্ন নৈ, জান-জুৰিৰ লগতে উদ্যানৰ অন্তৰ্ভাগৰ স্থায়ী আৰু ঋতুকালীন জলাশয়সমূহে উদ্যানৰ অন্তৰ্ভাগত বন্য প্রাণীসমূহৰ পানীৰ যোগান ধৰে। কিন্তু খৰালিৰ পাছতো বিগত দীর্ঘদিন পর্যাপ্ত বৰষুণৰ অভাৱত ক্ৰমে উদ্যানৰ অন্তৰ্ভাগৰ জলাশয়সমূহত পানীৰ পৰিমাণ কমি আহিছে। আনকি একাংশ জলাশয়ত পানী শুকাই যোৱাত বন্য প্রাণীসমূহ জলসংকটত ভোগাৰো আশংকা কৰা হৈছে।
ইফালে, ট্যুৰ গাইড বিতোপন কলঙে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, উদ্যানৰ অন্তর্ভাগত একাংশ বিল, জলাশয় শুকাই যোৱাৰ ফলত বন্য প্রাণী অসুবিধাত পৰা পৰিলক্ষিত হৈছে। ইয়াৰ বাবে বৰষুণৰ অভাৱেই অন্যতম এক কাৰণ হিচাপে ধাৰণা কৰা হয়। পৰিৱেশ পৰিৱৰ্তনৰ বাবে বৰষুণৰ পৰিমাণ কমি আহিছে।
জলাশয়সমূহ ক্রমাৎ বাম হৈ আহিছে। আনহাতে, নিয়মীয়া বানপানীৰ অভাৱেও কাজিৰঙাৰ জলাশয়সমূহ তথা জৈৱ বৈচিত্র্য্যৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে। ইয়াৰ উপৰি উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰৰ পৰা বৈ অহা একাংশ নৈ জান, জুৰিৰ স্বাভাৱিক গতি বাধা প্রাপ্ত হৈছে। কাৰ্বি পাহাৰৰ পৰা বৈ অহা জান-জুৰি, নৈ আদিয়ে উদ্যানৰ অন্তৰ্ভাগত পানীৰ যোগান ধৰে। কিন্তু উদ্যানৰ দক্ষিণৰ কাৰ্বি পাহাৰত চলা অবাধ বনধ্বংস, খনন কার্য আদিয়ে পানীৰ স্বাভাৱিক স্রোতক বাধা দিছে, যাৰ বাবেই সকলো দিশৰ পৰা উদ্যানত প্রাকৃতিকভাৱে পানী যোগান ক্রমান্বয়ে কমি অহাত জলাশয়সমূহত শুষ্কতা পৰিলক্ষিত হৈছে। ফলত কিছু সময়ত উদ্যানৰ একাংশ বন্য প্রাণী উদ্যানৰ অন্তৰ্ভাগৰ পৰা কাষৰীয়া জনাঞ্চলত থকা জলাশয়সমূহলৈ ওলাই আহিবলৈ বাধ্য হৈছে।
এনে ক্ষেত্রত বন্য প্রাণী আৰু মানুহৰ মাজত সংঘাত বৃদ্ধি হোৱাৰ সম্ভাৱনাও দেখা দিছে। আনহাতে, বিভাগীয় সূত্রে জানিব পৰা মতে, বর্তমান ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত থকা খাল, বিল নদী আদিবোৰ শুকাই যোৱাত বিশেষকৈ গড়, হাতী, ম'হ বন্য প্রাণীবোৰে পানীৰ সন্ধানত বহু দূৰ বাট কুৰি বাব লগা হৈছে। কাৰণ ৰাষ্ট্ৰীয় উদ্যানখনৰ বন্য প্রাণীবোৰে পৰ্যাপ্তপানীৰ অবিহনে জীবন অতিবাহিত কৰাটো অতি কঠিন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বিশেষকৈ গঁড়, হাতী, ম'হ আদি বন্য প্রাণীবোৰে গৰমত পানীত পৰি দেহা শান্ত কৰে। পানীত পৰি থাকিলে বহু বীজাণুৰ পৰাও ৰক্ষা পৰে। ফলত বহু চৰ্ম ৰোগৰ পৰা বন্য প্রাণী বাছি থাকিবলৈ সক্ষম হয়। পানী নাপালে বা বোকাত লেটি ল'বলৈ বন্য প্রাণীয়ে নাপালে বন্য প্রাণী বিভিন্ন ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাবনা থাকে বুলি প্রাণী বিশেষজ্ঞই মত প্রকাশ কৰে।
এফালে গৰমৰ উত্তাপ আৰু আনফালে পানীৰ অভাব। এনে পৰিস্থিতিত গঁড়, হাতী, ম'হ আদি বন্য প্রাণী উত্তেজিত হৈ পৰাৰ কথাও জানিব পৰা গৈছে। বন্য প্রাণীয়ে উত্তেজনাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ যোৱা পৰ্যটকৰ গাড়ীলৈ চোঁচা লোৱাৰ খবৰ পোৱা গৈছে। ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰত থকা জলাশয়, নলা আদিবোৰ বৈজ্ঞানিক পদ্ধতিৰে বান্ধ দি পানী সংৰক্ষণ কৰিলে এনে পৰিস্থিতিৰ পৰা কিছু ৰক্ষা পাব পাৰি বুলিও প্রকৃতিবিদে জানিবলৈ দিয়ে। গতিকে অতি সোনকালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্য প্রাণীৰ সুৰক্ষাৰ বাবে উদ্যান কর্তৃপক্ষই বৈজ্ঞানিক পদ্ধতিৰে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ প্রকৃতিপ্রেমীয়ে আহ্বান জনাইছে।
উৎসঃ দৈনিক জনমভূমি
Leave A Comment