ডিজিটেল ডেস্কঃ এইবাৰ চোৰৰ লক্ষ্য সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু সাংবাদিকৰ ঘৰত। মহানগৰী পানিখাইতীৰ আমগাওঁৰ সমাজ কল্যাণ বিভাগৰ বিষয়া আৰু সাংবাদিকৰ ঘৰত চোৰৰ চাফাই অভিযান।
আমগাওঁৰ বাসিন্দা তথা সমাজ কল্যাণ বিষয়া ডলী শৰ্মা আৰু তেওঁৰ স্বামী তথা সাংবাদিক শ্ৰী প্ৰকাশ দুদিন পূৰ্বে গুৱাহাটীৰ বাহিৰলৈ ফুৰিবলৈ যায়। ঘৰত কোনো নথকাৰ সুযোগ লৈ চোৰৰ দলে ঘৰৰ দুৱাৰৰ তলা ভাঙি ভিতৰলৈ প্ৰবেশ কৰি সমগ্ৰ ঘৰৰ আছ বাব লণ্ড ভণ্ড কৰে।
বুধবাৰে নিশাৰ ভাগত চোৰৰ দলটোৱে বাসগৃহটোৰ চাৰিটা গডৰেজ ভাঙি নগদ ছয় হাজাৰ টকা, সোণৰ খাৰু, কাণ ফুলি, নাক ফুলি, চেইন আদিকে ধৰি প্ৰায় ডেৰ লাখ টকাৰ গহনা লুট কৰি নিয়ে। তদুপৰি পাকঘৰৰ পৰা চিলিন্দাৰ, কাঁহ-পিতলৰ বাচন বৰ্তন আদিও লুট কৰি নিয়ে।
আজি পুৱাৰ ভাগত ওচৰ চুবুৰীয়াই ঘৰটোৰ দুৱাৰ খোলা দেখা পাই গৃহস্তক খবৰ দিয়ে। সেই খবৰৰ ভিত্তিত গৃহস্ত ডলী শৰ্মা ঘৰত উপস্থিত হৈ চুৰি কাৰ্য ধৰা পেলাই পানীখাইতী আৰক্ষীক খবৰ দিয়ে।
ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ তদন্ত কৰে যদিও চোৰৰ কোনো শুং সূত্ৰ উলিয়াব পৰা নাই। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।
উল্লেখ্য যে, চোৰে ফ্ৰিজ খুলি মিঠাই খাই যোৱা বুলিও ডলী শৰ্মাই জানিবলৈ দিয়ে।
Leave A Comment