ডিজিটেল ডেস্কঃ সৌন্দর্য নগৰী তেজপুৰৰ এখন উল্লেখযোগ্য বজাৰ মহাভৈৰৱ দৈনিক বজাৰ। নিতৌ সহস্রাধিক লোকৰ আগমন ঘটে এইখন বজাৰলৈ। কিন্তু সম্প্ৰতি এই বজাৰখনৰ পূতিগন্ধময় অৱস্থাই সকলোকে ক্ষুব্ধ কৰি তোলাৰ লগতে ইয়াত অধিকাংশ ব্যৱসায়ীয়েই ঘৰলৈ উভতি গৈ আহাৰ গ্ৰহণ কৰিব নোৱৰাৰ এক পৰিস্থিতিৰ সৃষ্টি হৈছে।
অভিযোগ অনুসৰি, তেজপুৰ পৌৰসভাৰ অধীনৰ এইখন বজাৰৰ পৰা পৌৰসভাই বছৰি সংগ্ৰহ কৰে প্ৰায় ১৮ লাখ টকাৰ ৰাজহ। বর্তমানেও পৌৰসভাৰ লেচীয়ে নিয়মীয়াকৈ ইয়াৰ পৰা ৰাজহ সংগ্ৰহ কৰি আছে। কিন্তু পৌৰসভা কর্তৃপক্ষই এইখন বজাৰ পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত সামান্যতম গুৰুত্বও আৰোপ কৰা নাই। অভিযোগ অনুসৰি, মহাভৈৰৱ দৈনিক বজাৰ পৰিচালনা সমিতিয়ে এইখন বজাৰ মাত্ৰ এবাৰ পৰিষ্কাৰ কৰি দিবৰ বাবে তেজপুৰ পৌৰসভা কর্তৃপক্ষক হিচাপ নোহোৱাকৈ আৱেদন জনাইছিল। শেহতীয়াকৈ পৌৰপতিৰ পদৰ পৰা অপসাৰিত হোৱা প্ৰজ্ঞানু ভট্টাচাৰ্যক বজাৰ পৰিচালনা সমিতিয়ে জনোৱা আৱেদনৰ লগতে কাৰ্যবাহী বিষয়াক জনোৱা আৱেদনে কোনো ফল নধৰিলে।
শেহতীয়াকৈ পৌৰপতি হিচাপে ৰমেন তামুলীয়ে দায়িত্ব লাভ কৰাৰ পাছতো পৰিস্থিতিৰ কোনো পৰিৱৰ্তন নহ'ল। প্রণিধানযোগ্য যে এনে অৱস্থাত বজাৰ পৰিচালনা সমিতিয়ে শোণিতপুৰৰ আয়ুক্তক সাক্ষাৎ কৰি বজাৰখন পৰিষ্কাৰ কৰাৰ বাবে আহ্বান জনোৱাত আয়ুক্তই পৌৰসভাক বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ নির্দেশ দিয়াৰ পাছতো পৌৰসভাৰ গা নলৰিল। তেজপুৰ পৌৰসভাৰ যেন এইখন বজাৰ পৰিষ্কাৰ আৰু স্বাস্থ্যসন্মত কৰি ৰখাৰ ক্ষেত্রত কোনো দায়িত্বই নাই। পৰিণতিত বজাৰখনৰ সন্মুখৰ পাচলি বেপাৰীৰ কাষৰ পৰা মাছ বজাৰৰ সন্মুখৰ তথা পিছফালে গেলা-পচা আৱৰ্জনা, মাছৰ বাকলি, পেটুকে ধৰি অসংখ্য দুৰ্গন্ধময় সামগ্ৰীৰে পাহাৰৰ ৰূপ লৈছে। বজাৰৰ কাষৰ সকলো নলা-নর্দমা বন্ধ হৈ পৰাৰ উপৰি তৰপে তৰপে যেনি-তেনি দ'ম বন্ধা আৱৰ্জনাৰ উৎকট দুর্গন্ধৰ বাবে বজাৰৰ সন্মুখৰ পৰা তেজপুৰ সংযোগী পথৰে সন্ধিয়া যাতায়াত কৰা সকলোৱে বজাৰৰ সমীপত মুখত সোপা দি অহা-যোৱা কৰিব লাগে।
তদুপৰি, বজাৰখনৰ কাষতে জনবসতিপূর্ণ অঞ্চলৰ আৱাসীসকলৰ অৱস্থাও পানীত হাঁহ নচৰা হৈ পৰিছে। কিন্তু ইমানৰ পাছতো এবাৰ মাত্ৰ বজাৰখনৰ আৱৰ্জনা পৰিষ্কাৰ কৰি দিবলৈ পৌৰসভাক বজাৰ পৰিচালনা সমিতিয়ে জনোৱা বাৰম্বাৰ আহ্বানো পৰিণত হৈছে ফুটুকাৰ- ফেনত। গেলা-পচা আৱৰ্জনাৰ দ'ম আৰু দুৰ্গন্ধই বিষাক্ত কৰিছে বজাৰখনৰ চৌপাশ। সংশ্লিষ্ট সকলো পক্ষকে জনোৱা আৱেদনৰ কোনো গুৰুত্বই নোপোৱাত সকলো কিংকর্তব্যবিমুখ হৈ পৰিছে। বজাৰ পৰিচালনা সমিতিয়ে কয় যে এইখন বজাৰ পৰিষ্কাৰ কৰিবলৈ প্রয়োজনীয় সকলো সুবিধা পৌৰসভাৰ আছে আৰু তেওঁলোকে এবাৰ পৰিষ্কাৰ কৰি দিলেই তাৰ পাছৰ পৰা পৰিচালনা সমিতিয়ে বজাৰখন নিকা কৰি ৰখাৰ সকলো দায়িত্ব পালন কৰিব। কিন্তু এই সকলো আৱেদন অথলে যোৱাৰ বিপৰীতে বজাৰখনৰ নলা-নর্দমা বন্ধ হৈ পৰাৰ লগতে চৌদিশে মাত্ৰ আৱৰ্জনাৰ দ'ম আৰু ইয়াৰ পৰা উদ্ভৱ হোৱা বিষাক্ত তথা অস্বাস্থ্যকৰ পৰিৱেশ, মাখিৰ উপদ্ৰৱে সকলোকে জুৰুলা কৰিছে।
উৎসঃ- দৈনিক জনমভূমি
Leave A Comment