ডিজিটেল ডেস্কঃ কটন বিশ্ববিদ্যালয়ৰ MCA 2nd চেমিষ্টাৰৰ তিনিজন যুৱকে প্ৰস্তুত কৰি উলিয়াইছে এটি বিশেষ এপ । কটন বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা বিশেষ অনুষ্ঠানত মুকলি কৰা হয় থলুৱা নামৰ এই এপটোৰ ।
বিমল শৰ্মা, ৰাহুল ৰে আৰু বৰুণ কুমাৰ ঝা নামৰ ছাত্ৰ তিনিজনে কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপিকা ড° কংকনা বৰাৰ তত্বাৱধানত প্ৰস্তুত কৰি উলিয়াইছে এপটো ।
এপটোৰ জৰিয়তে অসমৰ বিভিন্ন স্থানৰ শিপিনী সকলে তেওঁলোকৰ কাপোৰ সমূহ বিক্ৰী কৰাৰ লগতে আগ্ৰহী গ্ৰাহকে ক্ৰয় কৰিব পৰিব কাপোৰ । ইতিমধ্যে ধেমাজি, মাজুলী, নগাওঁ, শুৱালকুছি ইত্যাদিৰ বহুতো শিপিনী জড়িত হৈছে এপটোৰ সৈতে ।স্নাতক বৰ্ষৰ ষষ্ঠ ষান্মাসিকৰ পৰাই এপটোৰ প্ৰস্তুতৰ কামত জড়িত হৈ আছিল।
১৫ জানুৱাৰী তাৰিখে মুকলি কৰা হৈছিল এপটোৰ বেটা ভাৰ্চন ।৭ জনীয়া দলটোৱে এই এপটো মুকলি কৰি গ্ৰাম্য অৰ্থনীতি আৰু শিপিনী সকলৰ আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা ল'ব বুলি আশাবাদী । Flipkart, Amazonৰ দৰেই থলোৱা এপ ব্যৱহাৰ কৰিব পাৰিব।
বিশেষ এপটোৰ মুকলি অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰমেশ চন্দ্ৰ ডেকা, কটন বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ অৰিন্দম গাৰ্গকে ধৰি বহু কেইজন ব্যক্তি উপস্থিত থাকে ।
Leave A Comment