ডিজিটেল ডেস্কঃ ৰতন টাটা (Ratan Tata)। এই নামটো শুনিলেই গৰ্বত উফন্দি যায় প্ৰতিজন ভাৰতীয়ৰ বুকু। যেতিয়াই ভাৰত কিবা বিপদত পৰে তেতিয়াই তেওঁ সাহসৰ ঢাল হৈ থিয় দিয়ে। মহাদানী ৰটন টাটা। জীৱনজুৰি তেওঁ মাঁথো বিলাই গৈছে নিজৰ কষ্টোপাৰ্জিত ধন। শেহতীয়াকৈ জীৱনৰ শেষৰ সময়ছোৱা স্বাস্থ্যৰ বাবে কাম কৰি যাম বুলি পণ লোৱা এইগৰাকী বিশেষ ব্যক্তিয়ে অসমৰ বাবে ল'লে বিশেষ পদক্ষেপ। দেশৰ উদ্যোগপতি, পদ্মবিভূষণ, অসম বৈভৱ ৰতন টাটাই অসমত অসম চৰকাৰৰ যৌথ উদ্যোগত ৭ খন কেঞ্চাৰ হস্পিতাল নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে।
অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত ২০১৮ চনত হোৱা এক চুক্তি অনুসৰি ৰাজ্যত ৭ খন কেঞ্চাৰ হস্পিতেল নিৰ্মাণ কৰা হৈছিল আৰু যোৱা বৃহস্পতিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত এই ৭ খন কেঞ্চাৰ হস্পিতেলৰ উদ্বোধন কৰা হয়।
ডিব্ৰুগড়ত কেঞ্চাৰ কেয়াৰ চেন্টাৰ উদ্বোধন কৰাৰ সময়ত অসমবাসীক উদ্দেশ্যি তেওঁ চমুকৈ যি ভাষণ প্ৰদান কৰিলে সেই চমু ভাষণে প্ৰতিজন অসমীয়াৰ অন্তৰাত্মা চুই গ’ল। প্ৰতিজন অসমীয়াৰ মানত তেওঁ হৈ পৰিল জীৱন্ত ঈশ্বৰ স্বৰূপ। অসমত কেঞ্চাৰ চিকিৎসাৰ বাবে ৰতন টাটাই যি অৱদান আগবঢ়ালে তাৰ বাবে ধন্যবাদ জনোৱাৰ লগতে গভীৰ শ্ৰদ্ধা আৰু কৃতজ্ঞতা জনায় আহোম সেনাৰ নুমলীগড় আঞ্চলিক সমিতিয়ে।
ৰতন টাটাৰ এই মহৎ কৰ্মৰাজিৰ বাবে আহোম সেনাই কৃতজ্ঞতাৰ চিনস্বৰূপে হাতত লৈছে বিশেষ পদক্ষেপ। মে' মাহৰ পৰা ৰাজ্যৰ প্ৰতিখন জিলাতে ৭০০ জোপা নিমগছৰ পুলি ‘ৰতন বৃক্ষ’ নামেৰে ৰোপণ কৰিব বুলি ঘোষণা কৰে আহোম সেনাই। ইয়াৰোপৰি আহোম সেনাৰ প্ৰতিজন সদস্যই ৭ দিনলৈ ৰতন টাটাৰ ছবি সম্বলিত এক কৃতজ্ঞতা পত্ৰৰ বেজ পৰিধান কৰি তেওঁৰ এই মহান অৱদানক বুকুত কঢ়িয়াই লৈ ফুৰিব বুলি জানিবলৈ দিয়ে আহোম সেনাৰ নেতা অংকুৰন ফুকনে। ৰতন টাটাৰ প্ৰতি আহোম সেনাই আগবঢ়োৱা এই সন্মান তথা কৃতজ্ঞতাক সকলোৱে একমুখে শলাগিছে।
Leave A Comment