• মহানগৰীৰ এখন চিকিৎসালয়ত অঘটন; ধৰ্ষণৰ অপচেষ্টা চিকিৎসাধীন কিশোৰীক

    আঞ্চলিক
    মহানগৰীৰ এখন চিকিৎসালয়ত অঘটন; ধৰ্ষণৰ অপচেষ্টা চিকিৎসাধীন কিশোৰীক
    ডিজিটেল ডেস্ক:  কোনো ঠাইতে সুৰক্ষিত নহয় মহিলা৷ সাৰি নগ’ল চিকিৎসালয়ৰ বিচনাত জীৱনৰ সৈতে যুঁজি থকা কিশোৰীও৷ সততে সংঘটিত হৈ থকা মহিলা নিৰ্যাতনৰ ঘটনাই উদ্বেগৰ সৃষ্টি কৰিছে৷ শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ এখন চিকিৎসালয়ত পোহৰ লৈ আহিছে এনে এক ঘটনা৷

    ঘটনা ক্ৰম অনুসৰি মহানগৰীৰ খানাপাৰাস্থিত গুৱাহাটী মেট্ৰ’ হাস্পাতালত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। চিকিৎসালয়খনত ভৰ্তি হৈ থকা এগৰাকী কিশোৰীক ৱাৰ্ড বয়ে ধৰ্ষণ কৰাৰ চেষ্টা কৰাৰ ঘটনা পোহৰলৈ আহিছে। আই চি ইউত কৰ্মৰত যাদৱ নাথ নামৰ যুৱক জনে চিকিৎসালয়খনত জীৱন-মৃত্যুৰে যুঁজি আই চি ইউত চিকিৎসাধীন হৈ থকা এগৰাকী কিশোৰীক ধৰ্ষণৰ চেষ্টা চলায়। অৱশ্যে পৰৱৰ্তী সময়ত হাস্পাতাল কৰ্তৃপক্ষৰ তৎপৰতাত কিশোৰীগৰাকীৰ জীৱন ৰক্ষা পৰে।

    প্ৰাপ্ত তথ্য অনুসৰি ৩ বছৰ ধৰি হাস্পাতালখনত ৱাৰ্ড বয় হিচাপে কাম কৰি আহিছে যাদৱ নাথে। শেহতীয়াকৈ সংঘটিত এই ঘটনাই হাস্পাতালখনত উত্তপ্ত পৰিস্থিতি সৃষ্টি কৰিছে। কিশোৰীগৰাকীৰ আত্মীয় তথা চিকিৎসকৰ তৎপৰতাত এই ঘটনা পোহৰলৈ আহে। ইতিমধ্যে ঘটনা সন্দৰ্ভত বশিষ্ঠ আৰক্ষীয়ে আটক কৰিছে যাদৱ নাথ নামৰ এজন অভিযুক্তক৷
      
    শনিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনাৰ৷ অভিযোগ অনুসৰি শনিবাৰে নিশা সুৰাপান কৰি নৈশ ডিউটিৰ বাবে আহিছিল যাদৱ নাথ৷ কৰ্তৃপক্ষই সুধা পুচা কৰাৰ পিছত বশিষ্ঠ আৰক্ষীক গটাই দিয়ে যাদৱক৷ অৱশ্যে ব্যক্তিজনে মদ্যপান কৰি কৰ্তব্যলৈ অহাৰ দাবী নস্যাৎ কৰিছে কৰ্তৃপক্ষই৷

    মেট্ৰ হস্পাতালত সংঘটিত ঘটনাৰ পাছতে কৰ্তৃপক্ষই লগে লগেই  তেওঁক চাকৰিৰ পৰা বৰ্খাস্ত কৰে আৰু  বশিষ্ঠ থানাত এক গোচৰ ৰুজু কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে ব্যক্তিজনক আটক কৰি তদন্ত আৰম্ভ কৰিছে৷কিন্তু ব্যক্তিজনৰ বিৰুদ্ধে পুৰ্বে তেনে কোনো অপৰাধৰ ৰেকৰ্ড পোৱা নাই৷