• বিহু ৰঙীন কৰি তোলে পিঠাই! অসমীয়াৰ কেইবিধমান পিঠাৰ বিষয়ে জানো আহক

    আঞ্চলিক
    বিহু ৰঙীন কৰি তোলে পিঠাই! অসমীয়াৰ কেইবিধমান পিঠাৰ বিষয়ে জানো আহক
    ডিজিটেল ডেস্কঃ ব’হাগ বিহু বা ৰঙালী বিহু বসন্ত কালৰ আগমণত উদযাপন কৰা অসমৰ মূল বিহু উৎসৱ। ৰঙালী বিহুক যৌৱনৰ উৎসৱ বুলি কোৱা হয়। এই উৎসৱত ডেকা গাভৰুৱে ৰাতি বিহু পাতে, বিহুৰ মাজতে নিজৰ জীৱন সংগী বিচাৰি উলিয়ায়। কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এনেধৰণৰ উৎসৱ চলি আহিছে। 

    যৌৱনৰ লগত খেতি মাটিৰ উৰ্বৰতাৰ সম্বন্ধ আছে বুলি মানুহে বিশ্বাস কৰে। খেতি আৰম্ভ কৰাৰ পূৰ্বে পালন কৰা ৰঙালী বিহু। যি বহুৰ কৃষিৰ লগত ওতঃপ্ৰোত সম্বন্ধ আছে। বিহু বুলি ক'লে অসমীয়া সমাজ জীৱনলৈ আহে বহু পৰিৱৰ্তন। বিহুৰ পাছতেই অসমভূমিত আৰম্ভ হয় চহা খেতিয়কৰ কৃষিকৰ্ম। অন্যহাতেদি অসমীয়া বিহুত খাদ্যসম্ভাৰেও বহু গুৰুত্ব লাভ কৰিছে। 

    খাদ্য সম্ভাৰৰ ভিতৰত অন্যতম পিঠা পনা। ইয়াৰ উপৰিও বিহুত লাড়ু আৰু মিঠৈও তৈয়াৰ কৰা হয়। তিলৰ লাড়ু,মুড়িৰ লাড়ু, আখৈৰ লাড়ু, নাৰিকলৰ লাড়ু, কেঁচা মিঠৈ, পকা মিঠৈ আদি সাধাৰণতে তৈয়াৰ কৰে আৰু প্ৰিয় সকলক আনন্দেৰে খুৱাই । বহুপ্ৰকাৰৰ পিঠা পানা অসমীয়া ৰাইজে প্ৰস্তুত কৰে ৰঙালী বিহুত। তাৰে কেইটামান পিঠাৰ নাম আৰু ইয়াৰ প্ৰস্তুত কৰাৰ কৌশল হৈছে।

    তিল পিঠা – বৰা চাউলৰ পিঠাগুৰিৰ মাজত তিল আৰু গুৰৰ মিশ্ৰণ সুমুৱাই শুকানকৈ খোলাত ভজা পিঠা। তিল পিঠাৰ দৈৰ্ঘ্য ৪ ইঞ্চিৰ পৰা ১০ ইঞ্চি মানলৈকে হোৱা দেখা যায়। 

    নাৰিকল পিঠা- তিল পিঠাৰ দৰেই ইয়াক ভজা হয়। মাথোঁ তিল আৰু গুৰৰ জেগাত নাৰিকল ৰুকি চেনিৰ লগত অলপ ভাজি পিঠাগুৰি খিনিৰ মাজত দিয়া হয়।

    ঘিলা পিঠা- এই পিঠা বনাবলৈ পিঠাগুৰিখিনিত গুৰ সানি কিছু সময় থৈ দি হাতৰ তলুৱাত লৈ গোলাকৃতিৰ কৰি মিঠাতেলত ভাজিব লাগে। ইয়াক নিমখদিও ভাজিব পাৰি। এই পিঠা অতি জনপ্রিয়।

    বৰ পিঠা- এই পিঠা ভাজিলৈও বৰা বা আৰৈ চাউলৰ গুৰি, গুৰ, খোৱা চৌডাৰ প্ৰয়োজন হয়। ইয়াক ঘিলা পিঠাৰ দৰেই বনোৱা হয় ৷

    ফেনী পিঠা-  পিঠাগুৰিৰ লগত গুৰ মিহলি কৰি কিছু পনিয়া কৰি ল'ব লাগে৷ তাৰ পিছত কম জুই দি কেৰাহীত হেঁতাৰে এহেতামান দি ঢাকোন মাৰি থ'ব লাগে অলপ পিছত লুটিয়াই আকৌ ঢাকোন মাৰি ভাজিব লাগে। হেতা বা চামুচেৰে পিঠাগুৰিখিনি যিমান ফেটিব সিমানে পিঠাটো খাবলৈ ভাল হ'ব৷

    খোলা চপৰীয়া পিঠা- ফেনী পিঠাৰ দৰেই এই পিঠা ভজা হয় মাথোঁ গুৰৰ ঠাইত নিমখ আৰু অকণমান তেল লাগে। ইয়াকো কম জুইত ঢাকোন মাৰি ভাজিব লাগে। কিছুমানে অৱশ্যে গুৰ দিও ভাজে।

    জোনপিঠা- এই পিঠা ভাজিবলৈ বৰাচাউলৰ পিঠাগুৰি দুটামান সিজোৱা মিঠাআলু অলপমান গাখীৰ, চেনিৰ ৰস লাগে। পিঠাবোৰ জোনবিৰিৰ আকাৰে ঘিলা পিঠাৰ দৰেই ভাজি কিছু সময় চেনি ৰসত ডুবাই থ'ব লাগে।

    টেকেলি পিঠা- এই পিঠা পিঠাগুৰি, ৰোকা নাৰিকল আৰু চেনিৰ মিশ্ৰণ কৰি টেকেলি মুখত ভাপত ভজা হয়। ইয়াত তেল ব্যৱহাৰ নহয় যদিও খাবলৈ সোৱাদ হয়।

    টোপোলা পিঠা – এই পিঠা কলপাত বা তৰা পাতত পিঠাগুৰি খিনিত নিমখ মিলাই মেৰিয়াই পানীত সিজোৱা হয়।

    কল পিঠা- পকাকল, পিঠাগুৰি আৰু গুৰ মিশ্ৰণ কৰি তেলত ডুবাই এই পিঠা ভজা হয়।

    চুঙা পিঠা- কেঁচা পিঠাগুৰি আৰু গুৰ মিহলাই কোমাল বাঁহৰ চুঙাত পুৰি ভজা হয়।

    মুঠীয়া পিঠা- কেঁচা পিঠাগুৰি পানীৰে সানি মুঠি-মুঠি কৰি উতলা পানীত সিজাই মুঠিয়া পিঠা কৰা হয়।

    সুতুলি পিঠা- এই পিঠা ঘিলা পিঠাৰ দৰেই ভজা হয় যদিও তাত তিল ভাজি গুৰৰ লগত মিশ্ৰণ কৰি লাডুটোৰ ভিতৰত সুমুৱাই তেলত ভজা হয়। ইয়াক সুতুলিৰ আকৃতিত বনোৱা হয় বাবে সয়তুলি পিঠা বুলি কয়৷ ইয়াক গৰমে গৰমে খাবলৈ বৰ ভাল।

    লুথুৰি পিঠা - পিঠাগুৰিৰ লগত গুৰ বা চেনি পানীৰ লগত ঢিলাকৈ সানি কম জুইত সিজাই পিছত গাখীৰৰ লগত খোৱা পিঠা।

    সুস্মিতা বৰা
    sabung ayam onlinelive baccaratsipardikemenaglebongperpus smpn14 depoktppkk bitunggs hospitalsarwadharma hospital gwllms smkn1 campakatamansari mahoganypeasant farmerscbt sman1 jalaksanakatering makananppdb yayasan pendidikan assalamgoji berrytago Polandhttps://www.undp.or.id/
    https://mtsmathlaulanwarputat.sch.id/
    https://www.smpn2karangsambung.sch.id/
    https://qualitastech.com/
    https://hydrateivbar.com/
    https://www.pteoo.com/
    https://hotelmiradordelsella.com/
    https://puslatnas.id/
    https://www.adamcopharm.com/
    https://ociterrasus.com/
    https://psb.al-asyariyyah.com/live casinodpd ipai jatimhttps://lazisjateng.org/ slot zeussabung ayam onlineslot qrislive casino onlinelive casino onlineLive Casino Online Situs Sabung AyamMahjong Ways 2SBOBET88Situs Sabung Ayamnews.humaspolresbengkuluselatan.comnews.humaspolresbengkuluselatan.comnews.humaspolresbengkuluselatan.comnews.humaspolresbengkuluselatan.comcasino online sabung ayamsbobet mix parlayslot zeusagen bolaLive Casino Onlinesabung ayam onlineslot mahjong ways 2slot thailandagen bolaLive Casino Onlinesabung ayam onlineslot mahjong ways 2SV388MIX PARLAY SBOBETLIVE CASINO ONLINESCATTER HITAMSV388SBOBET88LIVE CASINO ONLINEZEUS SLOTSlot Thailand GacorSlot Online Qrisslot danasbobetcasino onlinesv388judi bola onlinesitus slot danaslot mahjong waysslot thailandlive casino onlinejudi bola onlinesitus domino qqsabung ayam onlinedaftar togel onlineagen togel onlinetogel online 4dbandar togel terpercayaSV388SBOBET88CASINO ONLINESV388, Sabung Ayam Online, Agen Sabung Ayam, Judi Sabung AyamLive Casino Online, Agen Live Casino, Casino Online, Baccarat OnlineSBOBET88, Agen Bola, SBOBET Mix Parlay, Agen SBOBET, Judi Bola