ডিজিটেল ডেস্কঃ ৰঙিয়াৰ তৰণীত শোকাৱহ পথ দুৰ্ঘটনা৷ তৰণী-বিছেন্নালা পথত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনা৷
দুৰ্ঘটনাত নিহত এগৰাকী ১০ বছৰীয়া কিশোৰী ৰিম্পী কলিতা৷ গুৰুতৰভাৱে আহত কিশোৰী গৰাকীৰ মাতৃ কবিতা কলিতা৷
তিনিগৰাকী যুৱকে বাইকেৰে আহি মাৰিছিল প্ৰচণ্ড খুণ্ডা৷
প্ৰচণ্ড খুণ্ডাত ঢলি পৰিছিল মাতৃসহ কন্যা, চিকিৎসালয় লৈ নিয়াৰ পথতেই প্ৰাণ গৈছিল কন্যা ৰিম্পী কলিতাৰ৷
Yamaha FZ মটৰচাইকেলখনৰ নং AS-14Q-4194৷
মদ্যপান কৰি তীব্ৰ বেগত মটৰচাইকেল চলাই অহা বাবেই হৈছে এই দুৰ্ঘটনাৰ কাৰণ৷
যুৱক তিনিগৰাকীৰ দুজন নলবাৰী জিলাৰ, এজন ৰঙিয়াৰ সীতাৰাৰ৷
নিশা ২ মান বজাত ৰাস চাই উভতাৰ পথত সংঘটিত হৈছে এই দুৰ্ঘটনা৷
এই পথ দুৰ্ঘটনাই সমগ্ৰ অঞ্চলজুৰি গভীৰ শোকৰ ছাঁ পেলাইছে।
Leave A Comment