• কাটিগড়াত ‘SAY NO TOBACCO’ বিষয়ক আলোচনা সভাত ডাঃ ৰবি কান্নান

    আঞ্চলিক
    কাটিগড়াত ‘SAY NO TOBACCO’ বিষয়ক আলোচনা সভাত ডাঃ ৰবি কান্নান
    ডিজিটেল ডেস্কঃ অসম চৰকাৰৰ ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ (NSS) কাটিগড়া ইউনিটৰ উদ্যোগত কাছাৰৰ কাটিগড়াৰ সিদ্ধেশ্বৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ‘SAY NO TOBACCO’ শীৰ্ষক এখন আলোচনা সভা অনুষ্ঠিত হয়। এছিয়া মহাদেশৰ বিখ্যাত কৰ্কট ৰোগ বিশেষজ্ঞ পদ্মশ্ৰী বঁটা বিজয়ী ডাঃ ৰবি কান্নান মুখ্য অতিথি হিচাপে উপস্থিত থাকে।

    বিদ্যালয়ৰ অধ্যক্ষ মুজিবুৰ ৰহমান আৰু NSS-ৰ প্ৰগ্ৰাম অফিচাৰ নিজাম উদ্দিনৰ পৰিচালনাত আয়োজিত SAY NO TOBACCO কাৰ্যসূচীত বঁটা বিজয়ী ডাঃ ৰবি কান্নান মুখ্য বক্তা হিচাপে কৰ্কট ৰোগৰ কাৰণ আৰু ইয়াৰ নিৰাময়ৰ ওপৰত দীঘলীয়া আলোচনা কৰে।

    ডাঃ ৰবি কান্নাননে কয় যে, অসমত NCRP-ৰ তথ্য অনুসৰি বছৰি প্ৰায় ২৫ৰ পৰা ৩০ হাজাৰ কৰ্কট ৰোগীৰ পঞ্জীয়ন হয়।  সমগ্ৰ উত্তৰ-পূব অঞ্চলত ৪০ৰ পৰা ৪৫ হাজাৰ ৰোগীৰ কৰ্কট ৰোগ ধৰা পৰিছে।  আৰু যদি পুৰণি আৰু নতুন কেন্সাৰ ধৰা পৰে, তেন্তে আজিৰ দিনত চাৰিগুণ বেছি ৰোগী। শেহতীয়াকৈ উত্তৰ-পূৰ্বাঞ্চলৰ এক লাখ লোকৰ ভিতৰত ১২০ জনৰ শৰীৰত কৰ্কট ৰোগ ধৰা পৰিছে। সামগ্ৰিক ভাৰততকৈ উত্তৰ-পূৰ্বাঞ্চলত এই সংখ্যা বেছি। ইয়াৰ মূল কাৰণ হৈছে আমাৰ জীৱনশৈলী। অসমত কৰ্কট ৰোগৰ প্ৰভাৱ ধঁপাত জাতীয় সামগ্ৰী সেৱন, সুৰা পান, আপেক্ষিক শাৰীৰিক কাৰ্যকলাপৰ অভাৱৰ বাবে বেছি।