ডিজিটেল ডেস্কঃ মৰিগাঁও জিলাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অসংক্ৰামক ৰোগৰ স্বাস্থ্য পৰীক্ষা অভিযান। ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰৰ সহযোগত দেশৰ প্ৰতিটো অঞ্চলত ২০ ফেব্ৰুবাৰী, ২০২৫ ৰ পৰা ৩১ মার্চ, ২০২৫ লৈ অসংক্রামক ৰোগ চিনাক্তকৰণৰ বাবে আয়ুস্মান আৰোগ্য মন্দিৰকে ধৰি প্ৰতিখন স্বাস্থ্য কেন্দ্ৰত বিশেষ স্বাস্থ্য পৰীক্ষা অভিযানৰ পদক্ষেপ গ্ৰহণ কৰিছে।
মৰিগাঁও জিলাতো সকলো স্বাস্থ্য কেন্দ্ৰতে ৩০ বছৰৰ উদ্ধৰ প্ৰতিগৰাকী ব্যক্তিৰ অসংক্ৰামক ৰোগ যেনে উচ্চ ৰক্তচাপ,মধুমেহ, মুখগহ্বৰৰ,স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগ চিকিৎসা আৰু বিনামূলীয়া তেজ পৰীক্ষা, বিনামূলীয়া ঔষধ বিতৰণ আদি কাৰ্যৰ জৰিয়তে স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি জনসাধাৰণৰ বাবে সেৱা আগবঢ়াই আছে।
গতিকে চলিত বিশেষ স্বাস্থ্য শিবিৰত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ জিলাখনৰ যুটীয়া স্বাস্থ্য সঞ্চালক ডাক্তৰ অৰুণ কুমাৰ নাথে অনুৰোধ জনায়।
উক্ত শিবিৰৰ জৰিয়তে জিলাখনত বৰ্তমানলৈকে উচ্চ ৰক্তচাপ ১৫৩৪০ গৰাকী ৰোগী চিনাক্তকৰণ হোৱাৰ লগতে ১৪৮৩৯ গৰাকী মধুমেহ ৰোগী ধৰা পৰিছে।
Leave A Comment