ডিজিটেল ডেস্কঃ গুৱাহাটী মহানগৰীত অনলাইন গেমিং এপৰ নামত ভয়ানক জাল। গেমিং এপৰ নামত কোটি কোটি টকা লোৱা বৃহৎ চক্ৰক উৎখাত আৰক্ষীৰ।
প্ৰথমে চানমাৰী আৰক্ষীৰ জালত পৰিছিল বৰপেটাৰ ইঞ্জামুল হক নামৰ এটা অভিযুক্ত।
ইঞ্জামুল হকৰ ভাষ্যৰ ভিত্তিত গড়চুকৰ হোটেল কুইন কাচাত বাহৰ পাতি থকা চালুৰ ৰত্ন প্ৰকাশ আৰু মুৰুলীধৰ চুমিথ পিল্লাই নামৰ দুই ছত্তিছগড়ৰ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।
ধৃত চাইবাৰ অপৰাধীকেইটাক বৰপেটাৰ ইঞ্জামুল হকে যোগান ধৰিছিল বহুলোকৰ একাউণ্ট নম্বৰ।
যি সমূহ একাউন্টত দুই অপৰাধীয়ে থৈছিল অনলাইন গেমিং এপৰ পৰা পোৱা কোটি কোটি টকা।
ধৃত চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে বহু পৰিমানৰ ATM, DEBIT, পাচবুক, বিমানৰ টিকট, চেকবুককে ধৰি বহু সামগ্ৰী
ইঞ্জামুল হক জু-ৰোডৰ দামোদৰ মাই অফিচ.কমৰ কৰ্মচাৰী।
জুৰোডৰ কৰ্মাচ পইন্টতে বিভিন্ন লোকৰ একাউণ্ট বিক্ৰীৰ লেনদেন হয় ইঞ্জামুল হকৰ সৈতে।
Leave A Comment