• কুশলে ঘূৰি আহক ৰমেন বৰুৱা

    আঞ্চলিক
    কুশলে ঘূৰি আহক ৰমেন বৰুৱা
    ৰমেন বৰুৱা হেৰাল। কাণে-কাণে বাগৰি, সংবাদ মাধ্যমৰ যোগেৰেও ঘৰে ঘৰে খবৰটো বিয়পি পৰিল। 
    - কোনোৱে কৈছে ৰমেন বৰুৱা হেৰাল! 
    - কোনোৱে সুধিছে কোন ৰমেন বৰুৱা! 
    - সেই যে গান বনোৱা মানুহজন, বহুকেইখন অসমীয়া চিনেমাত সংগীত পৰিচালনা কৰা সেইজন ৰমেন বৰুৱা হেৰাল.. 
    - কি? কেনেকৈ?

    সেই কেনেকৈৰ উত্তৰ নাই কাৰোৰে হাতত। এজন মানুহ নোহোৱা হ'ল। টিভিত ব্ৰেকিং নিউজ বাজিছে, বাতৰি কাকতত বৰ বৰ হৰফেৰে প্ৰকাশ পাইছে ৰাজ্যৰ বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱা সন্ধানহীন.... নিৰুদ্দেশ বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱা...।

    সোমবাৰৰ সেই বাতৰিয়ে প্ৰতিজন অসমীয়াকে দুখ দিছে। ৰমেন বৰুৱা এগৰাকী বৰেণ্যে শিল্পী। তেওঁৰ সন্ধানহীন বাতৰিয়ে অসমবাসীক উদ্নিগ্ন কৰি তুলিছে। সোমবাৰে পুৱা ১০ বজাত লতাশিলৰ গণেশ মন্দিৰলৈ যাওঁ বুলি কৈ মানুহজন সন্ধানহীন হৈ পৰিল। বাৰম্বাৰ ফোন কৰিও মানুহে সংযোগ স্থাপন কৰিব পৰা নাই কাৰণ তেওঁৰ ফোন ছুইচ্চ অফ।

    লতাশিল খেলপথাৰৰ সমীপত থকা এটা নিৰ্দ্দিষ্ট ঘৰে সকলোকে আকৰ্ষিত কৰে। ঘৰটো পুৰণিকলীয়া অথচ গাম্ভীৰ্যতাৰে পৰিপূৰ্ণ। সেই বাটেৰে পাৰ হৈ গ'লে বাটৰুৱাই ক্ষন্তেক ঘৰটোলৈ মূৰ তুলি চায় কাৰণ ঘৰটোৱে প্ৰায় প্ৰতিগৰাকী লোকৰে দৃষ্টি আকৰ্ষণ কৰে। ঘৰটো নিৰ্মাণ কৰা হৈছিল ১৯২৩ চনত। সময়ৰ হিচাপত ঘৰটোৱে ১০০ বছৰো পাৰ কৰিলে। সময় বহু সলনি হ'ল। ঘৰটোৰ আশে পাশে বহু দালান-অট্টালিকা গঢ় লৈ উঠিল কিন্তু সেইটো ঘৰ তেনেকৈয়ে স্বমহিমামণ্ডিত হৈ ৰৈ গ'ল। সেই ঘৰটোতে বাস কৰে অসমৰ স্বাভিমানী তথা সংস্কৃতিৱান বৰুৱা পৰিয়ালে। এই ঘৰটো সাক্ষী অসমৰ বিভিন্ন ঘটনা-পৰিঘটনাৰ। এই ঘৰটোৰ পৰাই অসমৰ সামাজিক-সাংস্কৃতিক দিশত বিভিন্ন অৱদান আগবঢ়াইছে বৰুৱা পৰিয়ালে।

    হয় এইখনেই ৰমেন বৰুৱাৰ ঘৰ। এই ঘৰখনক সকলোৱে সন্মান-সম্ভ্ৰমৰ দৃষ্টিৰে চায় আৰু সমীহ কৰি চলে।
    দ্বৈতেন বৰুৱা, দ্বিজেন বৰুৱা, ব্ৰজেন বৰুৱা, নিপ বৰুৱা, দ্বিবন বৰুৱা, গিৰীণ বৰুৱা, ৰমেন বৰুৱা, নিৰেণ বৰুৱা আৰু দ্বিপেন বৰুৱা - এই ৯ গৰাকী ভাই-ককাইয়ে কি দিয়া নাই অসমক! অসমখনক আগুৱাই নিয়াত এই বৰুৱা পৰিয়ালৰ কিমান যে অৱদান! 

    এই আদৰ্শৱান পৰিয়াল তথা বিখ্যাত বৰুৱা পৰিয়ালৰ দশম পুত্ৰ সন্তান ৰমেন বৰুৱা। সেই ৰমেন বৰুৱাই হঠাতে নোহোৱা হ'ল। ৰমেন বৰুৱাৰ সিৰে-সিৰে সংগীত প্ৰবাহিত। মাত্ৰ ১৯ বছৰ বয়সতে তেওঁ জেষ্ঠ্য ভাতৃ ব্ৰজেন বৰুৱাৰ সৈতে যুটীয়াভাৱে ১৯৫৯ত মুক্তি পোৱা নিপ বৰুৱা পৰিচালিত ছবি 'আমাৰ ঘৰ'ত সংগীত পৰিচালনা কৰি সংগীতৰ পথাৰত খোজ পেলায়। সেয়াই আৰম্ভণি। তাৰপাছতেই অসমীয়া ছবি জগতক সংগীতেৰে সমৃদ্ধ কৰি টনকীয়াল কৰি তুলিলে ৰমেন বৰুৱাই। ইটোৰ পাছত সিটো ছুপাৰহিট গান উপহাৰ দিয়া ৰমেন বৰুৱা অসমৰ ৰাইজৰ মাজত এজন পৰিচিত শিল্পী হৈ পৰিল। তেতিয়াৰে পৰা সেই আগৰ দৰেই এতিয়াও জনপ্ৰিয় তেওঁৰ পৰিচালনাৰ প্ৰতিটো গীত।


    সময় গৈ আছে। বহু পৰিৱৰ্তন হ'ল সময়ৰ। হয়তো এই সময়খিনিত ৰৈ ৰমেন বৰুৱাই নিজকে অপ্ৰাসংগিক যেন অনুভৱ কৰিবলৈ ল'লে। তেওঁ যেন অনুভৱ কৰিছে এতিয়া আৰু তেওঁৰ প্ৰয়োজন নাই। ক'ৰবাত যেন এতিয়া তেওঁ এলাগী। প্ৰাপ্য মৰম-আদৰ, সন্মানৰ পৰা যেন তেওঁ অদূৰতে ৰৈ গ'ল। এটা সময়ত চাৰিওকাষে মানুহে গিজগিজাই থকা ৰমেন বৰুৱা এতিয়া যেন তেনেই নিঃসংগ আৰু অকলশৰীয়া। আমি নাজানো ৰমেন বৰুৱাৰ জীৱনত কি চলি আছিল। হয়তো কোনেও আগ্ৰহো কৰা নাছিল। আছে আছে আৰু....

    এতিয়া মানুহৰ মনত নানা প্ৰশ্নই খুন্দিয়াইছে। কেনেবাকৈ তেওঁ আৰ্থিক সংকটত ভুগিছিল নেকি? আগৰ শিল্পীয়ে পাইছিলনো কেইটকা? 
    হয়তো আৰ্থিক সমস্যাও হ'ব পাৰে কিন্তু সেই কথা তেওঁ কাকো গম পাবলৈ নিদিলে। সকলোৱে হাত পাতিব নোৱাৰে, সকলোৱে বিচাৰিব নোৱাৰে চৰকাৰৰ পৰা সহায় কাৰণ কিছুমান মানুহ বহুত স্বাভিমানী থাকে। ৰমেন বৰুৱাও এজন স্বাভিমানী শিল্পী। কেনেকৈ তেওঁ খুলি দেখুৱায় বুকুৰ উদং পেৰা? হয়তো ভাবিছিল নক'লেও কোনোৱে হয়তো বুজিব...

    ভবাৰ দৰে কথাবোৰ হৈ নুথাত তাতকৈ তেওঁ সকলোৰে অলক্ষিতে লুকাই যোৱাটোৱে সমীচিন বুলি ভাবিলে। তেওঁৰ ম’বাইলৰ শেষ লোকেচন উচ্চ ন্যায়ালয়ৰ সমীপৰ ব্ৰহ্মপুত্ৰৰ পাৰত লাভ কৰিছে আৰক্ষীয়ে। সেই লোকেচনৰ আঁত ধৰিয়েই এতিয়া ব্ৰহ্মপুত্ৰৰ বুকুতো চলিছে অভিযান। সকলোৱে প্ৰাৰ্থনা কৰো আহক যাতে তেওঁ এতিয়াও ক'ৰবাত কুশলে আছে। 

    অনবৰতে শুদ্ধ বগা কূৰ্তা-পায়জামা পৰিহিত ৰমেন বৰুৱাই খোজ দি যোৱা সেই বাটবোৰেও হয়তো তেওঁৰ অভাৱ অনুভৱ কৰিছে। লতাশিল নিজম পৰিছে। তেওঁ ঘূৰি আহিলেই লতাশিল আকৌ প্ৰাণোচ্চল হৈ পৰিব।

    ৮৪ বছৰীয়া ৰমেন বৰুৱাৰ হয়তো এতিয়া খোজবোৰ থৰক-বৰক হৈছে। সেই থৰক-বৰক খোজেৰেই তেওঁ আহি ওলাওক নিজৰ আপোন ঘৰখনত... আকৌ আগৰ দৰেই হৈ পৰক সকলো.... প্ৰাৰ্থনা