ডিজিটেল ডেস্কঃ জোনাই সম জিলা অন্তৰ্গত পুৰণা জেলম গাঁৱত মাজ নিশা প্ৰায় ১২ বজাত বন্যহস্তীয়ে আতংকৰ সৃষ্টি কৰে। বন্যহস্তীয়ে ভাঙিলে এটা পৰিয়ালৰ ঘৰ।
জানিব পৰামতে পবা বনাঞ্চলৰ পৰা খাদ্যৰ সন্ধানত জনাঞ্চললৈ ওলাই অহা বনৰীয়া হাতীয়ে বিভিন্ন সময়ত বনাঞ্চলখনৰ দাঁতি কাষৰীয়া গাঁওসমূহত উপদ্ৰৱ চলাই অহাৰ সময়তে দেওবাৰে মাজ নিশা পুৰণা জেলম গাঁৱৰ বিজয় পেগু নামৰ এজন ব্যক্তিৰ ঘৰ ভাঙি চাউল, নিমখ আদি খায় আৰু বহু পৰিমাণৰ সা-সম্পত্তি ভাঙি নষ্ট কৰে৷
ইফালে ঘৰৰ ভিতৰত এটি কণমানি শিশুৰ সৈতে শুই থকা পিতৃ-মাতৃয়ে বন্যহস্তীৰ পৰা কোনোমতে পলাই জীৱন ৰক্ষা কৰে। গতিকে সম্পূৰ্ণ ঘৰ ভাঙি নষ্ট হৈ পৰাত পৰিয়ালটোৱে প্ৰশাসন তথা জোনাই বন-বিভাগৰ পৰা কিছু পৰিমাণে সহায়ৰ হাত বিচাৰিছে৷
উল্লেখ্য যে প্ৰায়েই পবা বনাঞ্চলৰ পৰা জোনাইৰ বিভিন্ন দাঁতিকাষৰীয়া অঞ্চলত বন্যহস্তীয়ে ধাৰাবাহিক তাণ্ডৱ চলাই আহিছে। এইক্ষেত্ৰত সুৰক্ষা দিবলৈ জোনাই বন বিভাগক দাবী জনাইছে স্থানীয় জনতাই।
বাতৰি সংগ্ৰহ: প্ৰাঞ্জিত দলে, জোনাই
Leave A Comment