• কৰোণাৰ পাছত এইবাৰ জুম্বী ভাইৰাছ! ৰাছিয়াৰ বৰফৰ তলৰ পৰা উদ্ধাৰ হোৱা কি এই জুম্বী ভাইৰাছ, কি আশংকা কৰিছে বিজ্ঞানীমহলে

    বিজ্ঞান আৰু প্ৰযুক্তি
    কৰোণাৰ পাছত এইবাৰ জুম্বী ভাইৰাছ! ৰাছিয়াৰ বৰফৰ তলৰ পৰা উদ্ধাৰ হোৱা কি এই জুম্বী ভাইৰাছ, কি আশংকা কৰিছে বিজ্ঞানীমহলে

    ডিজিটেল ডেস্কঃ কৰোণা
    ভাইৰাছৰ প্ৰাদুৰ্ভাৱ কমিছে। এতিয়া সংবাদ শিৰোনামালৈ আহিছে জু্ম্বী ভাইৰাছ। ৰাছিয়াৰ
    বৰফৰ মাজৰ পৰা উদ্ধাৰ কৰা এই ভাইৰাছে শেহতীয়াকৈ উদ্বীগ্ন কৰি তুলিছে বিজ্ঞানীমহলক।
    কিন্তু কি এই জু্ম্বী ভাইৰাছ?



     



    বিজ্ঞানীসকলে প্ৰকাশ
    কৰা মতে, ৰাছিয়াৰ বৰফে ঢকা হ্ৰদৰ তলৰ পৰা উদ্ধাৰ কৰা ভাইৰাছটোৰ বয়স প্ৰায় ৪৮ হাজাৰ
    ৫০০ বছৰ। উদ্ধাৰ কৰাৰ পাছতে ভাইৰাছবিধক পুনৰুজ্জীৱিত কৰে বিজ্ঞানীসকলে।



     



    পুনৰুজ্জীৱিত কৰাৰ
    পাছত বিজ্ঞানীসকলে প্ৰত্যক্ষ কৰে যে ভাইৰাছবিধে এতিয়াও সংক্ৰমণ কৰিবলৈ সক্ষম।
    তেওঁলোকে আশংকা কৰিছে যে জুম্বী ভাইৰাছৰ পৰাও হয়তো অতি সোনকালে আন এটা মহামাৰীৰ
    জন্ম হ’ব পাৰে।



     



    জুম্বী ভাইৰাছৰ
    সন্ধান লাভ কৰিছে ফ্ৰান্সৰ বিজ্ঞানীসকলে। তেওঁলোকে প্ৰকাশ কৰা মতে, মানুহ, পশু
    অথবা উদ্ভিদৰ মাজত এই ভাইৰাছবিধে সংক্ৰমণ ঘটাব পাৰে। আধুনিক বিজ্ঞানৰ অতি অপৰিচীত
    এই ভাইৰাছবিধে ভয়ংকৰ অসুখ বিয়পাবলৈ সক্ষম।



     



    আটাইতকৈ ভয়ংকৰ কথাটো
    হ’ল গ্ল’বেল ৱাৰ্মিঙৰ ফলত ৰাছিয়াৰ অনেক অঞ্চলৰ বৰফসমূহ গলিব ধৰিছে। পৃথিৱীৰ
    আৰম্ভণিৰে বৰফে ঢাকি ৰখা পাৰ্মাফ্ৰষ্টসমূহো গলিব ধৰিছে। জুম্বী ভাইৰাছে এইসমূহতে
    ১০ লাখ বছৰ ধৰি বাস কৰি আহিছে। তাৰ মাজৰে ৪৮ হাজাৰ ৫০০ বছৰ পুৰণি এটা ভাইৰাছক
    পুনৰুজ্জীৱিত কৰিছে বিজ্ঞানীসকলে।



     



    যদি
    গ্ল’বেল ৱাৰ্মিং বৃদ্ধি পাই গৈ থাকে, তেন্তে মানুহৰ ইতিহাসত জুম্বী ভাইৰাছে উপদ্ৰৱ
    ঘটাব পাৰে বুলি বিজ্ঞানীমহলে আশং