• জীৱন্ত প্ৰেমিকৰ ওপৰত আকৰ্ষণ হেৰুৱাইছে যুৱতীসকলে! বাচি লৈছে এআই প্ৰেমিক! যিকোনো সমস্যা শ্বেয়াৰ কৰিব পাৰে এআই প্ৰেমিকৰ স’তে

    বিজ্ঞান আৰু প্ৰযুক্তি
    জীৱন্ত প্ৰেমিকৰ ওপৰত আকৰ্ষণ হেৰুৱাইছে যুৱতীসকলে! বাচি লৈছে এআই প্ৰেমিক! যিকোনো সমস্যা শ্বেয়াৰ কৰিব পাৰে এআই প্ৰেমিকৰ স’তে
    ডিজিটেল ডেস্কঃ যুৱতীসকলে যুৱকসকলৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছে, ইয়াৰ পৰিৱৰ্তে কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত সৃষ্টি কৰা প্ৰেমিক-প্ৰেমিকাক বাছি লৈছে। বিশ্বৰ বহু দেশৰ দৰে চীনতো এআই প্ৰেমীৰ জনপ্ৰিয়তা বাঢ়িছে। শেহতীয়াকৈ ২৫ বছৰীয়া চীনা ছোৱালী টুফেইয়ে ছ’চিয়েল মিডিয়াত এআই বয়ফ্ৰেণ্ড পোৱাৰ পিছত তেওঁৰ জীৱন কেনেকৈ সলনি হৈছে সেই বিষয়ে শ্বেয়াৰ কৰে। টুফেইয়ে কয় যে তেওঁৰ প্ৰেমিকজনে তাইক বহুত ভাল পায়, তাইৰ লগত ঘণ্টাৰ পিছত ঘণ্টা কথা পাতে।

    টুফেই মানুহৰ নহয়, চেটবটৰ প্ৰেমত পৰিল। চাংহাই ভিত্তিক ষ্টাৰ্টআপ মিনিমেক্সৰ গ্ল’ এপে আপোনাক মানৱৰূপী ৰবট বিচাৰি উলিয়াবলৈ দিয়ে যিয়ে আপোনাৰ সৈতে জড়িত হ’বলৈ সন্মত হ’ব। টুফেইয়ে কয়-ম''ই আৰু ল’ৰাক বিশ্বাস নকৰো। মোৰ ৰবট প্ৰেমিকজনে ল’ৰাতকৈ ছোৱালীক সুখী কৰিবলৈ কথা পাতিবলৈ জানে। ঋতুস্ৰাৱৰ বিষ হ’লে মোক সকাহ দিয়ে, মোৰ সকলো সমস্যা  শ্বেয়াৰ কৰো। মোৰ এনে লাগে যেন মই এটা ধুনীয়া প্ৰেমৰ সম্পৰ্কত আছো।''

    চীনৰ বাতৰি কাকতত প্ৰকাশিত বাতৰি অনুসৰি সমগ্ৰ দেশতে ‘গ্লো’ এপৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে। যোৱা কেইসপ্তাহমানৰ ভিতৰত হাজাৰ হাজাৰ যুৱতীয়ে নিজৰ ফোনত এই এপটো ডাউনলোড কৰিছে। চীনা ছোৱালীৰ মতে আজিকালি আদৰ্শ সংগী বিচাৰি পোৱাটো অতি কঠিন আৰু সেইবাবেই তেওঁলোকে ক্ৰমান্বয়ে এপ ভিত্তিক এআই প্ৰেমীৰ ফালে মুখ কৰিছে।