• পৃথিৱী অভিমুখে তীব্ৰগতিত ধাৱমান হৈছে এটি গ্ৰহাণু! অচিৰেই খুন্দা মাৰিব নেকি পৃথিৱীক? কি কয় বিজ্ঞানীসকলে?

    বিজ্ঞান আৰু প্ৰযুক্তি
    পৃথিৱী অভিমুখে তীব্ৰগতিত ধাৱমান হৈছে এটি গ্ৰহাণু! অচিৰেই খুন্দা মাৰিব নেকি পৃথিৱীক? কি কয় বিজ্ঞানীসকলে?
    ডিজিটেল ডেস্কঃ পৃথিৱী অভিমুখে ধাৱমান হৈছে এটি গ্ৰহাণু। তীব্ৰ গতিত ধাৱমান হোৱা এই গ্ৰহাণুটো অহা ১৫ ডিচেম্বৰত পৃথিৱীৰ কাষেৰে পাৰ হৈ যাব। ৬ লাখ ৮৬ হাজাৰ কিলোমিটাৰ দূৰেৰে গ্ৰহাণুটোৱে পৃথিৱী অতিক্ৰম কৰিব। উল্লেখ্য মহাজাগতিক হিচাপত এয়া অতি নিকট দূৰত্ব।

    উল্লেখ্য যে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব ৯ কোটি ৩০ লাখ মাইল। ইয়াৰ ১.৩ গুণ কম দূৰত্বৰ মাজত থকা যিকোনো গ্ৰহাণু বা মহাজাগতিক বস্তুক ‘পৃথিৱীৰ নিকটৱৰ্তী’ হিচাপে গণ্য কৰা হয়।

    ইউৰোপিয়ান মহাকাশ গৱেষণা সংস্থা ইএছএই জনাইছে যে পৃথিৱীৰ ফালে ধাৱমান হোৱা এই গ্ৰহাণুটোৰ গতি তীব্ৰ কিন্তু আকাৰত একেবাৰে সৰু। আমেৰিকাৰ ষ্টেচ্যু অব লিবাৰ্টিতকৈও সৰু এই গ্ৰহাণু। ৩০ চেণ্টিমিটাৰৰ টেলিস্কোপৰ দ্বাৰা এই গ্ৰহাণু দেখা পোৱা যাব।

    পৃথিৱীৰ ফালে আগুৱাই অহা এই গ্ৰহাণুটোৰ নাম দিয়া হৈছে- ২০১৫ আৰএন৩৫। ১৫ৰ পৰা ১৮ ডিচেম্বৰলৈকে ৰাতিৰ আকাশত টেলিস্কোপ লৈ এই গ্ৰহাণুটোক দেখা যাব। ইউৰোপৰ কিছুমান অঞ্চলৰ পৰা ইয়াক ১৯ ডিচেম্বৰলৈকে দেখা যাব। বিজ্ঞানীসকলে জনোৱামতে, এই গ্ৰহাণুটো আকাশত জিলিকি নুঠে।