ডিজিটেল ডেস্কঃ জেমছ ৱেব মহাকাশ টেলিস্কোপে (JWST) এতিয়ালৈকে আৱিষ্কাৰ হোৱা প্ৰাচীন তাৰকাৰাজ্য তথা গেলেক্সীসমূহৰ ভিতৰত অন্যতম তাৰকাৰাজ্যৰ অস্তিত্ব নিশ্চিত কৰিছে।
Maisie’s Galaxy নামেৰে নামাকৰণ কৰা এই তাৰকাৰাজ্যখন যোৱা গ্ৰীষ্মকালত প্ৰথমবাৰৰ বাবে ধৰা পৰিছিল আৰু এতিয়া বিগ বেঙৰ প্ৰায় ৩৯ কোটি বছৰৰ পিছত গঠন হোৱাটো নিশ্চিত কৰা হৈছে, যাৰ সবিশেষ প্ৰকাশ হৈছে Nature আলোচনীত।
অষ্টিনস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ জ্যোতিৰ্বিজ্ঞানী ষ্টিভেন ফিনকেলষ্টেইনৰ নেতৃত্বত এটা দলে এই আৱিষ্কাৰ কৰে। ফিনকেলষ্টেইনে কয় যে, “মাইছিৰ তাৰকাৰাজ্যখনৰ ৰোমাঞ্চকৰ কথাটো হ’ল যে ই জে ডব্লিউ এছ টিয়ে চিনাক্ত কৰা প্ৰথম দূৰৈৰ তাৰকাৰাজ্যসমূহৰ ভিতৰত অন্যতম আছিল, আৰু সেই গোটটোৰ ভিতৰত, ই প্ৰথমটোৱেই হৈছে প্ৰকৃততে বৰ্ণালীবিজ্ঞানৰ দ্বাৰা নিশ্চিত কৰা হৈছে।”
তেওঁৰ কন্যাৰ জন্মদিনত আৱিষ্কাৰ হোৱাৰ বাবেই কন্যাৰ নামেৰেই এই তাৰকাৰাজ্যখনৰ নাম ৰাখিছিল। ফিনকেলষ্টেইনকে ধৰি কচমিক ইভলিউচন আৰলি ৰিলিজ ছায়েন্স চাৰ্ভে (CEERS) দলটোৱে বৰ্তমান আন প্ৰায় ১০টা তাৰকাৰাজ্যৰ মূল্যায়ন কৰি আছে যিবোৰ হয়তো মেইছিৰ তুলনাত আৰু আগৰ যুগৰ হ’ব পাৰে।
Leave A Comment