• মহাকাশৰ গোপন অধ্যায়ৰ অনুসন্ধানঃ সফলতাৰে উৎক্ষেপন হ’ল ইউৰোপীয় মহাকাশ সংস্থাৰ স্পেছ টেলিস্কোপ 'ইউক্লিড’

    বিজ্ঞান আৰু প্ৰযুক্তি
    মহাকাশৰ গোপন অধ্যায়ৰ অনুসন্ধানঃ সফলতাৰে উৎক্ষেপন হ’ল ইউৰোপীয় মহাকাশ সংস্থাৰ স্পেছ টেলিস্কোপ 'ইউক্লিড’
    ডিজিটেল ডেস্কঃ শনিবাৰে ফ্ল’ৰিডাৰ পৰা স্পেচএক্স ৰকেটৰ দ্বাৰা ইউৰোপীয় মহাকাশ সংস্থাৰ ইউক্লিড স্পেছ টেলিস্কোপ মহাকাশলৈ উৰা মাৰে। উৎক্ষেপণৰ প্ৰায় এঘণ্টাৰ পিছত ৰকেটৰ পৰা সফলতাৰে পৃথক হোৱা এই টেলিস্কোপে বিশ্বব্ৰহ্মাণ্ডৰ "অন্ধকাৰ" বা অজ্ঞাত ক্ষেত্ৰসমূহ অন্বেষণ কৰিবলৈ সাজু হৈছে।

    জাৰ্মানীৰ বিমান নিয়ন্ত্ৰকসকলে বিমানখনৰ এঘণ্টা নৌহওঁতেই সফলতা ঘোষণা কৰে। ৰকেটৰ পৰা পৃথক হোৱাৰ পিছত টেলিস্কোপৰ পৰা সংকেত পোৱাৰ পিছতে তেওঁলোকে হাত চাপৰি বজায়।

    ইউৰোপীয় মহাকাশ সংস্থাৰ সঞ্চালক প্ৰধান জোচেফ আচবাচাৰে ফ্ল’ৰিডাৰ উৎক্ষেপণ স্থানৰ পৰা কয় যে, ‘মই ইমানেই ৰোমাঞ্চিত, মই ইমানেই উৎসাহিত যে এতিয়া এই অভিযানটো মহাকাশত ওপৰলৈ উঠিছে, এইটো জানি যে খুব ভাল লাগিছে।’’

    ইউক্লিড টেলিস্কোপে এতিয়া নিজৰ গন্তব্যস্থানলৈ এমাহজোৰা যাত্ৰা আৰম্ভ কৰে, যাক সৌৰ কক্ষপথৰ দ্বিতীয় লেগ্ৰেঞ্জ বিন্দু (L2) বুলি জনা যায়, য’ত সূৰ্য্য আৰু পৃথিৱীৰ পৰা অহা মাধ্যাকৰ্ষণ শক্তিয়ে উপগ্ৰহৰ কক্ষপথৰ গতিৰ মাজত ভাৰসাম্য ৰক্ষা কৰে।

    নাছাৰ মতে, পাঁচটা তথাকথিত "লেগ্ৰেঞ্জ পইণ্ট" আছে। L2 পৃথিৱীৰ পৰা প্ৰায় ১০ লাখ মাইল (১৬ লাখ কিলোমিটাৰ) দূৰত। L2 ৰ পৰা এই টেলিস্কোপে পৃথিৱীৰ পৰা ১০ বিলিয়ন আলোকবৰ্ষ দূৰত্বৰ তাৰকাৰাজ্যসমূহৰ জৰীপ কৰিব।

    ২ টন ওজনৰ এই মহাকাশযানখনত সেই তাৰকাৰাজ্যবোৰৰ পৰা অহা ইনফ্ৰাৰেড পোহৰৰ তীব্ৰতা আৰু বৰ্ণালী জুখিব পৰাকৈ ডিজাইন কৰা যন্ত্ৰও সন্নিবিষ্ট কৰা হৈছে যাতে ইয়াৰ দূৰত্ব সঠিকভাৱে নিৰ্ণয় কৰিব পৰা যায়।