• মহাকাশত এডাল বৃহদাকাৰ সাপ দেখিলে এইজন মহাকাশচাৰীয়ে! মুঠ ৬বাৰকৈ মহাকাশ ভ্ৰমণ কৰিছিল এওঁ

    বিজ্ঞান আৰু প্ৰযুক্তি
    মহাকাশত এডাল বৃহদাকাৰ সাপ দেখিলে এইজন মহাকাশচাৰীয়ে!  মুঠ ৬বাৰকৈ মহাকাশ ভ্ৰমণ কৰিছিল এওঁ
    ডিজিটেল ডেস্কঃ মহাকাশত জীৱৰ সন্ধানত জীৱন পাত কৰি আহিছে অজস্ৰ বিজ্ঞানীয়ে। ইউএফঅ’, এলিয়েনকে ধৰি বহুতো কল্প কাহিনীও আছে এই বিষয়টো লৈ। কিন্তু খোদ এগৰাকী বিজ্ঞানীৰেই এটা দাবীয়ে এসময়ত হৈ-চৈৰ সৃষ্টি কৰিছিল।

    ১৯৯৫ চনত ফ্ৰেংকলিন স্ট’ৰি মাচগ্ৰেভ নামৰ এগৰাকী মহাকাশচাৰীয়ে এটা সাক্ষাৎকাৰ দিছিল। তাত তেওঁ দাবী কৰিছিল যে মহাকাশত তেওঁ সাপৰ দৰে এবিধ প্ৰাণী দেখিছিল!

    ''মই ৬-৮ ফুট দীঘল সাপৰ দৰে এবিধ প্ৰাণী দেখিবলৈ পাইছিলো। ইয়াৰ ৰহস্যৰ বিষয়ে মই একো নাজানো।’’- মহাকাশচাৰীজনে কৈছিল।

    মাচগ্ৰেভে দাবী কৰিছিল যে যিমানেই উচ্চতালৈ উৰা হয়, সিমানেই আচৰিত কিছু বস্তু দেখা পোৱা যায়। পৃথিৱীৰ বাহিৰতো অনেক প্ৰাণীয়ে বাস কৰে বুলি অভিমত ব্যক্ত কৰিছিল তেওঁ।

    আকাশত দেখা সেই সাপডাল ৰাবাৰৰ দৰে আছিল বুলিও জনাইছিল মহাকাশচাৰীজনে। সাপডালৰ ছৱিও তুলিছিল বুলি দাবী কৰিছিল তেওঁ। তেওঁৰ মতে, পৃথিৱীৰ বাহিৰতো এককোষী প্ৰাণী বা অন্যান্য সভ্যতা লাখ লাখ বছৰ ধৰি চলি আহিছে।

    মহাকাশচাৰী হোৱাৰ উপৰিও মাচগ্ৰেভ এগৰাকী চিকিৎসকো। মুঠ ৬বাৰ মহাকাশ অভিযানত গৈছিল তেওঁ। তেনে এজন মহাকাশচাৰীৰ এই দাবীয়ে ব্যাপক হৈ-চৈৰ সৃষ্টি কৰিছিল।