• কেৱল লাভা আৰু লাভা! অহৰ্নিশে আগ্নেয়গিৰি বিস্ফোৰিত হৈছে এই উপগ্ৰহটোত, ছৱি দেখি বিস্মিত বিজ্ঞানীমহল

    বিজ্ঞান আৰু প্ৰযুক্তি
    কেৱল লাভা আৰু লাভা! অহৰ্নিশে আগ্নেয়গিৰি বিস্ফোৰিত হৈছে এই উপগ্ৰহটোত, ছৱি দেখি বিস্মিত বিজ্ঞানীমহল
    ডিজিটেল ডেস্কঃ বৃহস্পতিৰ এটা উপগ্ৰহত সংঘটিত হৈছে ভয়াৱহ আগ্নেয়গিৰি বিস্ফোৰণ। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা নাছাই শেহতীয়াকৈ এই তথ্য লাভ কৰিছে.

    নাছাৰ মহাকাশযান জুনোৱে ধৰা পলাইছে বৃহস্পতিৰ উপগ্ৰহ 'আইও’ৰ ভিতৰভাগৰ ছৱি।  প্ৰায় ৫০ হাজাৰ মাইল দূৰত্বৰ পৰা উপগ্ৰহটোৰ ছৱি তুলিছে মহাকাশযানখনে।

    ছৱিসমূহত দেখা গৈছে যে উপগ্ৰহটোত অজস্ৰ আগ্নেয়গিৰি আছে। প্ৰত্যেকটো আগ্নেয়গিৰিয়েই জীৱন্ত তথা জ্বালামুখী। এইসমূহৰ অহৰ্নিশে নিৰ্গত হৈছে ৰঙা ৰঙা লাভা। উপগ্ৰহটো ভৰি পৰিছে ধোঁৱা আৰু ছাঁইৰে।

    যোৱা ৫ জুলাইত উপগ্ৰহৰ ছৱি তুলিছিল নাছাৰ মহাকাশযানখনে। শেহতীয়াকৈ ছৱিসমূহ প্ৰকাশ কৰিছে গৱেষণা সংস্থাটোৱে।

    ''ছৱিসমূহ দেখি আমি উচ্ছাসিত। প্ৰতি মুহূৰ্ততে আমি নতুন নতুন তথ্য লাভ কৰিছো।’’- নাছাৰ এগৰাকী বিষয়াই কয়।

    উপগ্ৰহটোৰ আগ্নেয়গিৰি বিস্ফোৰণৰ অধিক তথ্য লাভ কৰিবলৈ চেষ্টা কৰিছে বিজ্ঞানীসকলে। 

    উল্লেখ্য যে সৌৰজগতৰ আটাইতকৈ বৃহৎ গ্ৰহটোৱে হৈছে বৃহস্পতি। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ৭৪ কোটি ৭৭ লাখ কিলোমিটাৰ। পৃথিৱীৰ পৰা দূৰত্ব ৭১ কোটি ৫০ লাখ কিলোমিটাৰ। বৰ্তমানলৈকে গ্ৰহটোৰ ৮০ টা উপগ্ৰহৰ সন্ধান লাভ কৰিছে বিজ্ঞানীসকলে।