• মাপক চেন্সছঃঅসম অভিযান্ত্ৰিক কলেজৰ অধ্যাপক দেৱ কুমাৰ মহন্তৰ “ পেটেণ্ট “ লাভ

    বিজ্ঞান আৰু প্ৰযুক্তি
    মাপক চেন্সছঃঅসম অভিযান্ত্ৰিক কলেজৰ অধ্যাপক দেৱ কুমাৰ মহন্তৰ “ পেটেণ্ট “ লাভ
    ডিজিটেল ডেস্কঃ একক অপটিকেল ফাইবাৰভিত্তিক সমতল স্তৰ মাপক চেন্সৰ (Single Optical Fibre Based  Level Sensor)ৰ বাবে অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ  অধ্যাপক দেৱ কুমাৰ মহন্তৰ “ পেটেণ্ট “ লাভ  কৰিছে। কোনো পৃষ্ঠ বা সঁজুলি এটা সঠিকভাৱে আনুভূমিক স্তৰত আছে নে নাই সেয়া পৰিমাপ কৰিবলৈ এই চেন্সৰটো ব্যৱহাৰ কৰিব পাৰি।

    অসামৰিক নিৰ্মাণত , কল-কাৰখানাৰ যন্ত্ৰ পাতিৰ নিখুঁত স্তৰীয় পৰিমাপনত এই চেন্সৰ অত্যন্ত উপযোগী হ'ব বুলি প্ৰমাণিত হৈছে। এই যন্ত্ৰত লেজাৰ ৰশ্মিক সংকেত জ্ঞাপক হিচাপে আৰু এক ধৰণৰ তৰল পদাৰ্থক সংবেদন মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছে।

    বজাৰত উপলব্ধ বৈদ্যুতিক চেন্সৰৰ দ্বাৰা মাধ্যকৰ্ষণ শক্তি প্ৰভাৱিত তৰল স্তৰ জুখিব পাৰি যদিও বিদ্যুৎ-চুম্বকীয় প্ৰভাৱৰ বাবে পৰিমাপন ক্ৰুটিপূৰ্ণ হোৱাৰ সম্ভাৱনা থাকে।কিন্তু অপটিকেল ফাইবাৰভিত্তিক চেন্সৰ এনে ক্ৰুটিৰ পৰা মুক্ত।