• সূৰ্যৰ ফালে ধাৱমান হ’বলৈ সাজু আদিত্য-এল১; ইছৰ’ই দিলে অগ্ৰগতিৰ তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    সূৰ্যৰ ফালে ধাৱমান হ’বলৈ সাজু আদিত্য-এল১; ইছৰ’ই দিলে অগ্ৰগতিৰ তথ্য
    ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পাছত এতিয়া ইছৰ’ই সূৰ্য ওপৰত চকু ৰাখিছে। সূৰ্যৰ অধ্যয়নৰ সৈতে জড়িত আদিত্য-এল১ মিছনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। বুধবাৰে (৩০ আগষ্ট) ইছৰ’ই জনাইছে যে ৰকেটৰ উৎক্ষেপণৰ আখৰা আৰু আভ্যন্তৰীণ তদন্ত সম্পূৰ্ণ হৈছে।

    ইছৰোৱে টুইট কৰি কয় যে, "পিএছএলভি-চি৫৭/আদিত্য-এল১ মিছন উৎক্ষেপণৰ প্ৰস্তুতি চলি আছে। উৎক্ষেপণৰ আখৰা-বাহনখনৰ আভ্যন্তৰীণ পৰীক্ষা সম্পূৰ্ণ হৈছে।" উল্লেখ্য যে এই অভিযান ২ ছেপ্টেম্বৰৰ পুৱা ১১.৫০ বজাত অন্ধ্ৰ প্ৰদেশৰ শ্ৰীহৰিকোটা মহাকাশ কেন্দ্ৰৰ পৰা আৰম্ভ হ’ব। ইয়াক PSLV-C57 ৰকেটৰ সৈতে উৎক্ষেপণ কৰা হ’ব।

    আদিত্য-এল১ মহাকাশযানখন সূৰ্য্যৰ কক্ষপথ দূৰৈৰ পৰা পৰ্যবেক্ষণৰ বাবে আৰু পৃথিৱীৰ পৰা প্ৰায় ১৫ লাখ কিলোমিটাৰ দূৰত্বত থকা এল ১ (সূৰ্য্য-পৃথিৱী লেগ্ৰেঞ্জিয়ান বিন্দু)ত সৌৰ বতাহৰ অধ্যয়নৰ বাবে ডিজাইন কৰা হৈছে। সূৰ্যৰ অধ্যয়নৰ বাবে ভাৰতৰ এয়া প্ৰথম নিবেদিত অভিযান।

    এই অভিযানৰ উদ্দেশ্য হৈছে ‘L1’ৰ চাৰিওফালে থকা কক্ষপথৰ পৰা সূৰ্য্যক অধ্যয়ন কৰা। সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি ইছৰ’ৰ এগৰাকী বিষয়াই কয় যে আদিত্য-এল১ জাতীয় প্ৰতিষ্ঠানসমূহৰ অংশগ্ৰহণেৰে সম্পূৰ্ণ থলুৱা প্ৰচেষ্টা। ই সূৰ্যৰ আলোকমণ্ডল, ক্ৰম’স্ফিয়াৰ আৰু আটাইতকৈ বাহিৰৰ স্তৰ-পৰিসীমা বিভিন্ন তৰংগদৈৰ্ঘ্যত নিৰীক্ষণ কৰিবলৈ সাতটা পেলোড কঢ়িয়াই নিব।

    ইছৰ’ৱে এই অভিযান এনে এটা সময়ত সম্পন্ন কৰিবলৈ ওলাইছে যেতিয়া শেহতীয়াকৈ চন্দ্ৰযান-৩ চন্দ্ৰৰ দক্ষিণ মেৰুত সফলতাৰে অৱতৰণ কৰি ইতিহাসৰ সৃষ্টি কৰিছিল।