• চন্দ্ৰযান-৩ৰ বাবে কাইলৈ বৃহৎ দিন, ১৪ দিনৰ অন্ধকাৰ সমাপ্তিৰ পাছত কি হ’ব বিক্ৰম আৰু প্ৰজ্ঞানৰ পৰৱৰ্তী কাম?

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰযান-৩ৰ বাবে কাইলৈ বৃহৎ দিন, ১৪ দিনৰ অন্ধকাৰ সমাপ্তিৰ পাছত কি হ’ব বিক্ৰম আৰু প্ৰজ্ঞানৰ পৰৱৰ্তী কাম?
    ডিজিটেল ডেস্কঃ কাইলৈ চন্দ্ৰত ১৪দিনৰ অন্তত স্পৰ্শ কৰিব সূৰ্যৰ পোহৰে৷সেয়েহে চন্দ্ৰযান-৩ৰ বিক্ৰম লেণ্ডাৰ আৰু প্ৰজ্ঞান ৰভাৰ শ্লীপ মোডৰ পৰা ওলাই আহিবলৈ ওলাইছে। ১৬ দিন শ্লীপ মোডত থকাৰ পাছত শুকুৰবাৰে (২২ ছেপ্টেম্বৰ) ইছৰো-এ সক্ৰিয় কৰিব লেণ্ডাৰ আৰু ৰভাৰ।

    ইছৰোৰ সঞ্চালক নীলেশ দেশাইয়ে বৃহস্পতিবাৰে (২১ ছেপ্টেম্বৰ) সংবাদ সংস্থা পিটিআইক জনাইছে যে “আমি ২২ ছেপ্টেম্বৰত লেণ্ডাৰ আৰু ৰভাৰ দুয়োটাকে সক্ৰিয় কৰাৰ চেষ্টা কৰিম আৰু যদি আমাৰ ভাগ্য ভাল হয় তেন্তে সেয়া হ’ব। আমি আৰু কিছু পৰীক্ষামূলক তথ্য পাম যিবোৰ চন্দ্ৰৰ পৃষ্ঠৰ অধিক অনুসন্ধানত উপযোগী হ’ব।”

    চন্দ্ৰযান-৩ মিছনৰ সন্দৰ্ভত বৃহস্পতিবাৰে লোকসভাত কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে কয় যে দেশে এতিয়া প্ৰজ্ঞান আৰু বিক্ৰমে কেইঘণ্টামানৰ পাছত টোপনিৰ পৰা সাৰ পোৱাৰ বাবে অপেক্ষা কৰি আছে, এবাৰ এনেকুৱা হ’লে ভাৰতবৰ্ষৰ প্ৰথমখন বিশ্বৰ এই কৃতিত্ব অৰ্জন কৰিবলৈ যোৱা প্ৰথম দেশ হিচাপে পৰিগণিত হ’ব৷

    কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে চন্দ্ৰৰ ১৪ দিনীয়া নিশা শেষ হ’বলৈ ওলাইছে আৰু আমি তাত সূৰ্য উদয়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছো আৰু তাৰ লগে লগে বিক্ৰম আৰু প্ৰজ্ঞান সক্ৰিয়কৰণৰ বাবেও অপেক্ষা কৰি আছো।উল্লেখ্য যে চলিত মাহৰ আৰম্ভণিতে ক্ৰমে ৪ আৰু ২ ছেপ্তেম্বৰত লেণ্ডাৰ আৰু ৰভাৰ দুয়োখনেকেই শ্লীপ মোডত ৰখা হৈছিল।