• দেখিবলৈ বাদুলীৰ দৰে, কিন্তু বাদুলী নহয়! একেলগে অণ্ডকোষ আৰু ডিম্বাশয় থকা আচৰিত জীৱৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে

    বিজ্ঞান আৰু প্ৰযুক্তি
    দেখিবলৈ বাদুলীৰ দৰে, কিন্তু বাদুলী নহয়! একেলগে অণ্ডকোষ আৰু ডিম্বাশয় থকা আচৰিত জীৱৰ সন্ধান লাভ কৰিছে বিজ্ঞানীয়ে
    ডিজিটেল ডেস্কঃদেখিবলৈ বাদুলীৰ দৰে, কিন্তু বাদুলী নহয়।এনে এবিধ প্ৰাণীৰেই সন্ধান লাভ কৰিছে   বিজ্ঞানীসকলে । আচৰিত প্ৰাণী বিধৰ প্ৰধান বৈশিষ্ট্য হ’ল ইয়াৰ এনে শৰীৰত অণ্ডকোষ আৰু ডিম্বাশয় একেলগে আছে। 

    সাগৰৰ গভীৰ অংশত  বিভিন্ন ধৰণৰ অভিযান নিৰন্তৰ চলি আছে। কিন্তু বিজ্ঞানীসকলে আগতে কেতিয়াও এনে অদ্ভুত প্ৰাণী দেখা নাছিল। দৰাচলতে সাগৰৰ তলিত প্ৰাণীৰ এক আশ্চৰ্যকৰ পৃথিৱী আছে। তাত বহু প্ৰকাৰৰ প্ৰাণীয়ে  বাস কৰে।

    সাগৰত বাস কৰা তেনে প্ৰণীসমূহৰ বহুতকেই এতিয়াও চিনাক্ত কৰিব ৰা হোৱা নাই।শেহতীয়াকৈ বিজ্ঞানীসকলে সন্ধান লাভ কৰা প্ৰাণী বিধো তেনে চিনাক্ত নোহোৱা প্ৰাণীৰ ভিতৰৰেই এটা বুলি ভবা হৈছে।

    শেহতীয়াকৈভিক্টোৰিয়া গৱেষণা প্ৰতিষ্ঠানৰ বিজ্ঞানীসকলে ভাৰত মহাসাগৰৰ তলিত এনে ধৰণৰ প্ৰাণী বিচাৰি পাইছে ।এই প্ৰাণীবিধৰ  তীক্ষ্ণ দাঁত আছে।জেলিফিছৰ দৰে স্বচ্ছ শৰীৰ, বাদুলীৰ দৰে দেখাত , তৰোৱালৰ দৰে ফান, তেজপিয়াৰ দৰে দৰে দীঘল নেজ,  মূৰৰ এফালে চকু থকা প্ৰাণী বিধৰ  আটাইতকৈ আশ্চৰ্যজনক কথাটো হ'ল এয়ে  যে এই জীৱটোৰ শৰীৰত অণ্ডকোষ আৰু ডিম্বাশয় দুয়োটাই আছে। 

    অৰ্থাৎ এই প্ৰাণীবিধ উভয়লিংগৰ। বিজ্ঞানীসকলে সেয়ে প্ৰাণীবিধ দেখি  আচৰিত হৈছে।প্ৰাণীবিধৰ নাম এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই।