• চন্দ্ৰযান-৩ৰ লেণ্ডাৰে প্ৰত্যক্ষ কৰিলে ৰোভাৰৰ কাৰ্যকলাপ; ইছৰ’ৱে প্ৰকাশ কৰিলে বহুতো তথ্য

    বিজ্ঞান আৰু প্ৰযুক্তি
    চন্দ্ৰযান-৩ৰ লেণ্ডাৰে প্ৰত্যক্ষ কৰিলে ৰোভাৰৰ কাৰ্যকলাপ; ইছৰ’ৱে প্ৰকাশ কৰিলে বহুতো তথ্য
    ডিজিটেল ডেস্কঃ চন্দ্ৰযান-৩য়ে  চন্দ্ৰৰ পৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি আছে। ইয়াৰ প্ৰজ্ঞান ৰোভাৰখন চন্দ্ৰৰ পৃষ্ঠত অবিৰতভাৱে গতি কৰি আছে। ইয়াৰ সৈতে জড়িত আন এটা বৃহৎ আপডেট দিছে ইছৰ’ৱে। ইছৰ’ৱে বৃহস্পতিবাৰে (৩১ আগষ্ট) ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত এটা পোষ্টত কয় যে ৰভাৰ আৰু অন্যান্য পেলোডৰ কাৰ্যকলাপৰ লগতে আন কিবা এটাও ৰেকৰ্ড কৰা হৈছে।

    ইছৰ’ৱে পোষ্টটোত লিখিছে, "চন্দ্ৰযান-৩ অভিযানৰ লেণ্ডাৰত লুনাৰ ছিছমিক এক্টিভিটি (আই এল এছ এ) পেলোডৰ যন্ত্ৰটোৱে ৰোভাৰ আৰু অন্যান্য পেলোডৰ গতিবিধি ৰেকৰ্ড কৰিছে। ইয়াৰ উপৰিও ২০২৩ চনৰ ২৬ আগষ্টত এটা প্ৰাকৃতিক পৰিঘটনা ৰেকৰ্ড কৰিছে।" ইছৰ’ৱে ৰভাৰখনৰ কাৰ্যকলাপৰ সৈতে জড়িত এটা গ্ৰাফো শ্বেয়াৰ কৰিছে।

    ইয়াৰ পূর্বে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই প্রজ্ঞানত থকা আন এটা যন্ত্ৰই এক বেলেগ কৌশল ব্যৱহাৰ কৰি চন্দ্ৰৰ এটা অঞ্চলত ছালফাৰৰ উপস্থিতি নিশ্চিত কৰিছে বুলি প্রকাশ কৰিছিল৷ এটা ছ’চিয়েল মিডিয়া পোষ্টত মহাকাশ সংস্থাটোৱে প্ৰকাশ কৰিছে যে আলফা পাৰ্টিকেল এক্স-ৰে স্পেকট্ৰস্কোপ (APXS) নামৰ যন্ত্ৰটোৱে চন্দ্ৰত চালফাৰৰ লগতে অন্যান্য সৰু সৰু মৌলও ধৰা পেলাইছে।