আঞ্চলিক
ডিজিটেল
ডেস্কঃ মহাকাশলৈ বান্দৰ পঠোৱাৰ সিদ্ধান্ত লৈছে চীনে। দেশখনৰ তিয়াংগং স্পেচ ষ্টেশ্যনে
এই সিদ্ধান্ত লৈছে বুলি জানিব পৰা গৈছে। বিজ্ঞানীসকলে জনোৱামতে, মহাকাশত বান্দৰৰ প্ৰজনন
ক্ষমতা সম্পৰ্কে জানিবলৈকে পৰ্যবেক্ষণৰ বাবে এই সিদ্ধান্ত লোৱা হৈছে।
মাধ্যাকৰ্ষণ
শক্তিৰ অভাৱত প্ৰজনন পদ্ধতি কেনেধৰণৰ হ’ব? সেই প্ৰশ্ন লৈ বহু গৱেষণা কৰি আহিছে চীনৰ
বিজ্ঞানীসকলে। অৱশেষত তেওঁলোকে কেইটামান বান্দৰক মহাকাশলৈ পঠোৱাৰ দিহা কৰিছে।
mso-bidi-language:BN">কেনেধৰণে এই পৰীক্ষামূলক গৱেষণা হ’ব- সেই বিষয়েও এটা
ৰিপ’ৰ্ট প্ৰকাশ কৰা হৈছে। তাত উল্লেখ আছে যে মাধ্যাকৰ্ষণ শক্তিহীন পৰিৱেশেত
বান্দৰবিলাক নানা সমস্যাৰ সন্মুখিন হ’ব পাৰে। মানসিক অৱসাদৰো চিকাৰ হোৱাৰ সম্ভাৱনা
আছে।
কিন্তু
এই নতুন পৰিস্থিতি বান্দৰে কিদৰে শাৰীৰিক মিলনৰ বাবে উদ্ধুদ্ধ হয়, তাৰ বিষয়ে জানিব
পৰা যাব উক্ত গৱেষণাটোৰ দ্বাৰা। তদুপৰি, সিহঁতৰ খোৱা-বোৱাৰ পৰা মলমূত্ৰ ত্যাগলৈকে পৰ্যবেক্ষণ
কৰা হ’ব।
mso-fareast-font-family:"Times New Roman";mso-bidi-font-family:Vrinda;
color:black;mso-bidi-language:BN">
mso-bidi-language:BN">উল্লেখ্য যে তিয়াংগং স্পেছ ষ্টেশ্যন চীনৰ এটা আগশাৰীৰ
মহাকাশ গৱেষণা কেন্দ্ৰ। কেন্দ্ৰটোত তিনিজনকৈ মহাকাশচাৰীয়ে কাম কৰি আহিছে।
Leave A Comment