ডিজিটেল ডেস্কঃ প্ৰিয় জনৰ চুমাৰ বাবে এতিয়া আৰু হাহাকাৰ কৰি থাকিব নালাগে৷ এতিয়া মনে বিচৰা মতে লোক এজনে চুমা খাই থাকিব পাৰিব৷ চীনৰ এখন বিশ্ববিদ্যালয়ে এই অনন্য "চুম্বন সঁজুলি" উদ্ভাৱন কৰিছে৷ চীনা ছ'চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে বিভিন্ন ধৰণে এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চিএনএনৰ মতে আৱিষ্কাৰটো চাংঝৌ ভকেচনেল ইনষ্টিটিউট অফ মেকাট্ৰনিক টেকন'লজীৰ দ্বাৰা পেটেন্ট কৰোৱা হৈছে।
দূৰে দূৰে থকা দম্পতীসকলক "প্ৰকৃত" শাৰীৰিক ঘনিষ্ঠতা অনুভৱ কৰিবলৈ এই যন্ত্ৰই সহায় কিব৷ যন্ত্ৰটোত চিলিকনেৰে কৃত্ৰিম ওঁঠ তৈয়াৰ কৰা হৈছে৷ এই অনন্য "চুম্বন সঁজুলি"ত প্ৰেচাৰ চেন্সৰ আৰু একচুৱেটৰৰ আছে।ফলত চুম্বনৰ মধুৰতা অধিক বৃদ্ধি পাব৷ চুম্বন গতিৰ উপৰি ডিভাইচটোৱে ব্যৱহাৰকাৰীয়ে কৰা শব্দও প্ৰেৰণ কৰিব পাৰে।
ডিভাইচটো ব্যৱহাৰ কৰিবলৈ, ব্যৱহাৰকাৰীসকল কেৱল এটা ম'বাইল এপ ডাউনলোড কৰিব লাগিব আৰু ডিভাইচটো ফোনৰ চাৰ্জিং পোৰ্টত প্লাগ কৰিব লাগিব। চীনৰ গ্লোবেল টাইমছক যন্ত্ৰ বিধৰ আৱিষ্কাৰক জিয়াং ঝংলিয়ে কয়, "এয়া এক মহান আৱিষ্কাৰ হিচাবে পৰিগণিত হ’ব৷’’জিয়াঙে ২০১৯ চনত পেটেন্টৰ বাবে আবেদন কৰিছিল কিন্তু পেটেন্টটো জানুৱাৰী ২০২৩ তহে লাভ কৰে ।
তেওঁ এতিয়া আশা কৰিছে যে এই সঁজুলিটোত আগ্ৰহী কোনোবাই অধিক ৰু নিখুঁত কৰিব পাৰে। ইফালে, চীনা ছ'চিয়েল মিডিয়া ৱেইবোত ডিভাইচটোৱে এক আলোড়নৰ সৃষ্টি কৰিছে। কিছুমানে ইয়াক "অশ্লীল" আৰু "ভয়ংকৰ" বুলি সমালোচনা কৰিছিল। কিছুমানে আনকি নাবালকসকলে এনে যন্ত্ৰ ক্ৰয় আৰু ব্যৱহাৰ কৰিব পাৰে বুলিও বহুতে উদ্বেগ ব্যক্ত কৰিছিল।
Leave A Comment