• বছৰি বাঢ়ি গৈছে পৃথিৱীৰ উত্তাপ, চিন্তিত বিজ্ঞানী

    বিজ্ঞান আৰু প্ৰযুক্তি
    বছৰি বাঢ়ি গৈছে পৃথিৱীৰ উত্তাপ, চিন্তিত বিজ্ঞানী
    ডিজিটেল ডেস্কঃপৃথিৱীৰ উত্তাপ বৃদ্ধি হোৱাৰ ফল ইতিমধ্যে আমি পাইছোৱেই, এতিয়া সেই উত্তাপ তিনি গুণ পৰ্যন্ত বৃদ্ধি পাব পাৰে বুলি ভয়াৱহ ভৱিষ্যতবাণী কৰি আহিছে বিজ্ঞানীসকলে। কল্পনা কৰকচোন কেনে পৰিস্থিতি হ’ব তেতিয়া।

    এক নতুন অধ্যয়ন অনুসৰি আগন্তুক দশকবোৰত  জলবায়ু পৰিৱৰ্তনৰ বাবেই  পৃথিৱীৰ বেছিভাগ অংশত অতি কমেও তিনিগুণ অধিক মাত্ৰাত তাপ বৃদ্ধি পাব।শেহতীয়াকৈ এখন পৰিৱেশ সম্পৰ্কীয় আলোচনাত এনে আশংকা ব্যক্ত কৰা হৈছে।

    অধ্যয়নটোত কোৱা হৈছে যে  ২১০০  চনলৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ-পূবৰ দৰে ঠাইবোৰত  গ্ৰীষ্মকালৰ বেছিভাগ সময় ভাবিব নোৱাৰা ধৰণৰ তাপে দহিব।

    হাৰ্ভাৰ্ডৰ জলবায়ু বিজ্ঞানী লুকাছ জেপ্পেটেলোৱে কয়, "এয়া হ’ব এক ধৰণৰ ভয়ংকৰ কথা।"

    জেপ্পেটেলো আৰু তেওঁৰ সহকৰ্মীসকলে উচ্চ তাপৰ দুটা পৃথক স্তৰৰ সম্ভাৱনা পৰীক্ষা কৰিবলৈ ১,০০০ তকৈও অধিক কম্পিউটাৰৰ সহায় লৈছিল।তেওঁলোকে  ২০৫০ আৰু ২১০০ বৰ্ষৰ বাবে তাপৰ সাম্ভাৱ্য মাত্ৰা গণনা কৰিছিল আৰু ১৯৭৯ চনৰ পৰা ১৯৯৮ চনলৈ বিশ্বজুৰি প্ৰতি বছৰে কিমান সঘনাই তাপৰ পৰিৱৰ্তন ঘটিছে সেয়া জুকিয়াই চাইছিল।

    অধ্যয়নটো  অনুসৰি, অধিক ভয়ংকৰ কথাটো এয়াই  যে ২১০০ চনৰ ভিতৰত ক্ৰান্তীয় অঞ্চলবোৰত তপমাত্ৰা ১০০ ডিগ্ৰীৰ ওপৰত হ’ব পাৰে৷ তেনে পৰিস্থিতিত মানুহ বা আন প্ৰাণী তিষ্ঠি  থকাটোৱেই টান হৈ পৰিব৷

    গৱেষক জেপ্পেটেলোৱে কয় যে তাপবৃদ্ধিৰ প্ৰভাৱত সাগৰৰ  পানীৰ স্তৰ বৃদ্ধি, পানীৰ অভাৱ আৰু সামগ্ৰিক পৰিৱেশ তন্ত্ৰৰ পৰিৱৰ্তনৰ লগতে তাপ তৰংগৰ সৃষ্টি হৈছে৷

    অধ্যয়নটোত অংশগ্ৰহণ নকৰা উডৱেল জলবায়ু গৱেষণা কেন্দ্ৰৰ জলবায়ু বিজ্ঞানী জেনিফাৰ ফ্ৰান্সিছে এক ইমেইলযোগে কয়, "আশংকাৰ  বিষয় যে এই অধ্যয়নত দেখুওৱা ভয়ংকৰ ভৱিষ্যতবাণী বিশ্বাসযোগ্য। যোৱা দুটা গ্ৰীষ্মঅ আমাৰ ভৱিষ্যতৰ বাবে এক অশনি সংকেত বহন কৰিছে৷ ইউৰোপ, চীন, উত্তৰ-পশ্চিম উত্তৰ আমেৰিকা, ভাৰত, দক্ষিণ-মধ্য আমেৰিকা, ব্ৰিটেইন, মধ্য চাইবেৰিয়া আৰু আনকি নিউ ইংলেণ্ডত মাৰাত্মক তাপ প্ৰবাহৰ সৈতে। ইতিমধ্যে গৰম ঠাইবোৰ হৈ পৰিব বসবাসৰ অযোগ্য ,কিয়নো তাপ সূচকবোৰে বিপজ্জনক সীমা অতিক্ৰম কৰিছে, যাৰ ফলত মানুহ আৰু পৰিৱেশ তন্ত্ৰ  প্ৰভাৱান্ৱিত হৈছে। "

    আন এগৰাকী বিজ্ঞানী  ছালাছে এক ইমেইলত কয়, "তাপ সূচক বৃদ্ধি হোৱাৰ লগে লগে, আমাৰ শৰীৰ শীতল কৰি ৰখাটো  আৰু কঠিন হৈ পৰিব।হিট ষ্ট্ৰোক হৈছে তাপ ৰোগৰ এক সাম্ভাব্য মাৰাত্মক প্ৰকাৰ যি শৰীৰৰ তাপমাত্ৰা বিপদজনক স্তৰলৈ বৃদ্ধি হ'লে হয়।"

    অধ্যয়নটো  জলবায়ু গৱেষণাৰ  গাণিতিক সম্ভাৱনাৰ ওপৰত আধাৰ কৰি চলোৱা হৈছিল৷ উল্লেখ্য গোলকীয় উষ্ণতা বৃদ্ধিৰ প্ৰত্যক্ষ প্ৰভাৱ এতিয়া বৰফৰ ভাণ্ডাৰ হিচাবে পৰিচিত পৃথিৱীৰ দুই মেৰুৰ ওপৰত পৰা পৰিলক্ষিত হৈছে।উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ বহু অঞ্চলত তাপমাত্ৰা বৰফ গলি যোৱা বাবে প্ৰয়োজনীয় সীমালৈ উৰ্ধগামী হোৱা দেখা গৈছে। ফলত দুই মেৰুতে আৰম্ভ হৈছে বৰফৰ ব্যাপক গলন।

    দুই মেৰুৰ অভূতপূৰ্ব উষ্ণতাই বিশ্বৰ বিজ্ঞানীসকলক বিচলিত কৰি তুলিছে। এণ্টাৰ্কটিকাৰ কনকৰ্ডিয়া গৱেষণা কেন্দ্ৰত কৰ্মৰত বিজ্ঞানীসকলে দুই মেৰুৰ বিভিন্ন স্থানত -১২.২ ডিগ্ৰী চেলচিয়াছ উচ্চতা হোৱাৰ তথ্য লাভ কৰিছে। ২০১৬ চনৰ ডিচেম্বৰ মাহত সেই স্থানসমূহৰ উষ্ণতা আছিল -১৩.৭ ডিগ্ৰী চেলচিয়াছ।

    এণ্টাৰ্কটিকাৰ ভষ্টক ষ্টেচনত তাপমাত্ৰা -২০.৩ ডিগ্ৰী চেলচিয়াছ নথিভুক্ত কৰা হৈছে। মেৰুত কৰ্মৰত বিজ্ঞানীসকলে কৈছে যে শূন্য বা ১০ ডিগ্ৰী চেলচিয়াছৰ ওচৰত থকা যিকোনো তাপমাত্ৰাই “বৃহৎ তাপ প্ৰবাহ” ৰ কথাই চিহ্নিত কৰে।

    উত্তৰ মেৰুৰ  বৰফৰ ভাণ্ডাৰসমূহৰ উষ্ণতা গড় উষ্ণতাতকৈ ৫০ ডিগ্ৰী অধিক হোৱাৰ কথাত বিজ্ঞানীসকল চিন্তিত হৈ পৰিছে। বায়ুমণ্ডলত কাৰ্বনৰ পৰিমাণ হ্ৰাস কৰিব নোৱাৰিলে তাপমাত্ৰা বৃদ্ধি পায়েই থাকিব৷

    বিশ্বৰ উন্নত দেশসমূহে নিজ দেশতে অত্যধিক কাৰ্বনৰ সৃষ্টি কৰি আহিছে যদিও কাৰ্বন নিৰ্গমনৰ বাবে উন্নয়নশীলসমূহকহে দোষাৰোপ কৰি আহিছে৷ নিৰ্বিচাৰ বন ধ্বংসয়ো মানুৱ তথা অন্যান্য জীৱৰ ধ্বংসৰ পথ মুকলি কৰিছে৷