• যাব নেকি চন্দ্ৰলোকলৈ? ২০৩০ চনৰ ভিতৰত চন্দ্ৰত হ’ব মানুহৰ ঘৰ -দুৱাৰ

    বিজ্ঞান আৰু প্ৰযুক্তি
    যাব নেকি চন্দ্ৰলোকলৈ? ২০৩০ চনৰ ভিতৰত চন্দ্ৰত হ’ব মানুহৰ ঘৰ -দুৱাৰ
    ডিজিটেল ডেস্কঃ জোনবাইৰ ৰহস্য আৰু ৰহস্য হৈ নাথাকিব। নিৰ্জন জোনবাইতো মানুহে দপদপাই ফুৰিব পাৰিব। আপাততঃ তেনে আশাৰ গজালিয়েই এতিয়া পোখা মেলিবলৈ লৈছে। শেষবাৰৰ বাবে মানুহে ১৯৭২ চনত চন্দ্ৰত ভৰি থৈছিল। নাছাৰ পৰিকল্পনা অনুসৰি মহাকাশচাৰীকলে  চন্দ্ৰ পৰৱৰ্তী অভিযানত জোনবাইৰ দক্ষিণ গোলাৰ্ধত ভৰি থব।নাছাই শেহতীয়াকৈ সফলতাৰে চন্দ্ৰত আৰ্টেমিছ-১ মহাকাশযান খন অৱতৰণ কৰিবলৈ সক্ষম হৈছে। 

    এইবাৰ  আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা সংস্থা  নাছাই ইংগিত দিছে যেচন্দ্ৰক মানুহৰ বাসযোগ্য কৰি তোলাৰ ব্যৱস্থা কৰা হ'ব।নাছাই  চন্দ্ৰলৈ পঠিওৱা  আৰ্টেমিছ-১ মহাকাশযান খনে এই বিষয়ত অধ্যয়ন চলাব।  অৰিয়ন মহাকাশযানৰ অন্যতম ৰূপকাৰ হাৱাৰ্ড হুৱে এক সাক্ষাৎকাৰত কয়, "২০৩০ চনৰ ভিতৰত মানুহে চন্দ্ৰত বাস কৰিবলৈ সক্ষম হ'ব। আমি  চন্দ্ৰলৈ পুনৰ মানৱ প্ৰেৰণ কৰিবলৈ সক্ষম হম । তেওঁলোক তাতেই  থাকি যাব। তাৰ পৰাই তেওঁলোকে  বৈজ্ঞানিক গৱেষণা চলাই যাব । ''

    উল্লেখ্য  যোৱা কেইমাহমানত আৰ্টেমিছ-১ ৰ উৎক্ষেপণ বিভিন্ন কাৰণত স্থগিত ৰাখিবলগীয়া হৈছিল। অৱশেষত যান খন সফলতাৰে  চন্দ্ৰলৈ প্ৰেৰণ কৰা হয়। অৱশ্যে, এইবাৰ যান খনত  কোনো লোকক পঠোৱা হোৱা নাই। এই  উৎক্ষেপণৰ লক্ষ্য হৈছে যানখনে সফলতাৰে চন্দ্ৰলৈ গৈ উভতি আহিবলৈ সক্ষম হ’ব  নে নাই সেয়া চোৱা। নাছাই আশা কৰিছে  যে পৰৱৰ্তী অভিযানত যান খনে মহাকাশচাৰীসকলক মহাকাশচাৰীসকলক চন্দ্ৰলৈ নিবলৈ  সক্ষম হ'ব।

     চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত যান খনে  প্ৰায় এসপ্তাহৰ ধৰি  পানী বিচাৰিব। যদি সেই অভিযান সফল হয়, পৰৱৰ্তী গন্তব্য স্থান হ'ব মঙ্গল গ্ৰহ। খনিজ পদাৰ্থৰ সন্ধান আৰু গৱেষণা অব্যাহত ৰাখিবলৈ পৰৱৰ্তী সময়ত  মানুহে চন্দ্ৰৰ মাটিত থকাৰ ব্যৱস্থা কৰিব।