ডিজিটেল ডেস্ক: ভাৰতৰ মহাকাশ প্ৰযুক্তিৰ ইতিহাসত সংযোজিত হল আন এক সফলতা। ভৰতে প্ৰথমবাৰৰ বাবে উৎক্ষেপণ কৰিছে পুনৰ ব্যৱহাৰ যোগ্য হাইব্ৰিড ৰকেট ‘RHUMI-1’। তামিলনাডুস্থিত ষ্টাৰ্ট-আপ স্পেচ জ’ন ইণ্ডিয়াই মাৰ্টিন গ্ৰুপৰ সৈতে সন্মিলিত ভবে নিৰ্মাণ কৰিছে এই হাইব্ৰিড ৰকেট। জানিব পৰা মতে তিনিটা কিউব চেটেলাইট আৰু ৫০টা পিআইচিঅ’ চেটেলাইট কঢ়িয়াই নিব পৰা সক্ষমতা আছে ‘RHUMI-1’ হাইব্ৰিড ৰকেটৰ।
চেন্নাইৰ থিৰুবিদান্ধাইৰ পৰা পুনৰ ব্যৱহাৰযোগ্য হাইব্ৰিড ৰকেট উৎক্ষেপণ কৰিছে। তামিলনাডু স্থিত ষ্টাৰ্ট-আপ স্পেচ জ’ন ইণ্ডিয়াই মাৰ্টিন গ্ৰুপৰ সৈতে সন্মিলিত ভবে নিৰ্মাণ কৰা এই ৰকেটটোৱে তিনিটা কিউব চেটেলাইট আৰু ৫০টা পিচিঅ’ চেটেলাইট এটা মোবাইল লঞ্চাৰৰ জড়িয়তে এটা চাবঅৰ্বিটাল ট্ৰেজেক্টৰীত উৎক্ষেপণ কৰা হৈছিল বুলি সদৰি কৰিছে। মহাকাশ মণ্ডলৰ প্ৰতিষ্ঠাপক আনন্দ মেগালিংগাম আৰু ইছৰো চেটেলাইট চেণ্টাৰ (আই এছ এ চি)ৰ প্ৰাক্তন সঞ্চালক ড. মাইলস্বামী আন্নাদুৰাইয়ে মিছন RHUMI নেতৃত্ব বহন কৰিছে বুলি জানিব পৰা গৈছে।
ৰকেটটোত CO2-ট্ৰিগাৰ যুক্ত পেৰাচুট ব্যৱস্থা সংযোগ কৰা হৈছে, ই প্ৰদুষণ মুক্ত হোৱাৰ লগতে আৰু কম ব্যয় যুক্ত। ইয়াৰ মহাকাশ গৱেষণাৰ লগতে কৃষি, পৰিৱেশ নিৰীক্ষণসহ দুৰ্যোগ ব্যৱস্থাপনা সম্পৰ্কীয় গৱেষণাও সামৰি লৈছে বুলি সদৰি কৰিছে।‘RHUMI-1’ হাইব্ৰিড ৰকেটৰ সফল উৎক্ষেপণে অনাগত সময়ত মহাকাশ গৱেষণা ক্ষেত্ৰত গুৰুত্ব পূৰ্ণ ভূমিকা পালন কৰিব৷
Leave A Comment