• আপুনি পূৰ্বে ভাৰতৰ এনে ছবি দেখিছেনে? ইছৰোৱে প্ৰকাশ কৰিলে ভাৰতৰ নতুন ছবি

    বিজ্ঞান আৰু প্ৰযুক্তি
    আপুনি  পূৰ্বে ভাৰতৰ এনে  ছবি  দেখিছেনে? ইছৰোৱে  প্ৰকাশ কৰিলে ভাৰতৰ নতুন ছবি
    ডিজিটেল ডেস্কঃ এক অপূৰ্ব ৰূপত ভাৰতক উপস্থাপন কৰিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোই। বিজ্ঞান গৱেষণা প্ৰতিষ্ঠানটোৱে মুঠ ২,৯৩৯ খন ছবি  একত্ৰিত কৰাৰ পিছত ভাৰতৰ এনে  এক অনন্য দৃশ্য পোৱা গৈছে। প্ৰতি খন মহাদেশ এই ছবিত বেলেগ বেলেগ ৰূপত দেখুওৱা হৈছে। এই উচ্চ মানৰ ছবিবোৰত পৃথিৱীখনক সম্পূৰ্ণ বেলেগ ৰূপত দেখা গৈছে। 

    মহাসাগৰৰ কালাৰ মনিটৰ (ওচিএম) পদ্ধতি, পৃথিৱী পৰ্যৱেক্ষণ উপগ্ৰহ (ই.ও.এছ.-০৬) বা ওচেনছেট-৩ ব্যৱহাৰ কৰি পৃথিৱীৰ এনে আশ্চৰ্যকৰ ছবি তুলিবলৈ সক্ষম হৈছে ইছৰোই। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাটোৰ  তথ্য অনুসৰি ছবিবোৰ মহাকাশৰ পৰা তোলা হৈছে আৰু  ৰাষ্ট্ৰীয় ৰিম'ট চেঞ্চিং চেণ্টাৰ (এনআৰএছচি)ৰ সৈতে লগ লাগি তাক একত্ৰিত কৰা হৈছে। 

    প্ৰতিটো মোজাইকত ৩০০ জিবি ডাটা আছে। মুঠ ২,৯৩৯ খন ছবি  একত্ৰিত কৰাৰ পিছত এনে এক অনন্য দৃশ্য পোৱা গৈছে।  এই সকলোবোৰ ছবিৰ ভিতৰত ভাৰত অনন্য ৰূপত জিলিকি আছে। তৰংগ দৈৰ্ঘ্যৰ তাৰতম্যৰ বাবে বিভিন্ন মহাদেশসমূহক বিভিন্ন ৰঙত দেখা গৈছে। সাগৰৰ কালাৰ  মনিটৰৰ সহায়ত লোৱা ছবিবোৰে পৃথিৱীৰ চাৰিওফালে ভূমি আৰু মহাসাগৰত কেনে ধৰণৰ  উদ্ভিদ আছে তাৰো ধাৰণা দিছে।