• সফলতাই স্পৰ্শ কৰিলে চন্দ্ৰ; আনন্দত আত্মহাৰা ইছৰোৰ বিজ্ঞানী

    বিজ্ঞান আৰু প্ৰযুক্তি
    সফলতাই স্পৰ্শ কৰিলে চন্দ্ৰ; আনন্দত আত্মহাৰা ইছৰোৰ বিজ্ঞানী
    ডিজিটেল ডেস্কঃ চন্দ্ৰত চন্দ্ৰযান-৩ৰ সুস্থিৰ অৱতৰণৰ লগে লগে ভাৰতে ইতিহাসৰ সৃষ্টি কৰে। ইছৰোৰ এই কৃতিত্বৰ পাছত বিশ্বৰ সকলো দেশেই ভাৰতক অভিনন্দন জনাইছে। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে খোদ প্ৰশংসা কৰিছে ইছৰোৰ বিজ্ঞানীসকলক। ইফালে চন্দ্ৰযান-৩ সম্পৰ্কীয় বহু ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ বহু ট্ৰেণ্ডিঙত চলি আছে। ভাৰতীয় মহাকাশ সংস্থাৰ মুৰব্বী এছ সোমনাথৰ এনে এটা ভিডিঅ’ও অতি ভাইৰেল হৈ আছে য’ত তেওঁক ভাৰতৰ চন্দ্ৰপৃষ্ঠত পদাৰ্পণৰ উদযাপন কৰা দেখা গৈছে।

    চন্দ্ৰযান-৩ৰ লেণ্ডাৰ মডিউলে চন্দ্ৰত  অৱতৰণ কৰাৰ লগে লগে ইছৰোৰ মুৰব্বীজনে থিয় হৈ ঘোষণা কৰিলে যে ভাৰত এতিয়া চন্দ্ৰত উপনীত হৈছে। ইয়াৰ লগতে তাত উপস্থিত থকা সকলো বিজ্ঞানীয়ে এই ঐতিহাসিক মুহূৰ্তটোক হাতচাপৰি বজাই উদযাপন কৰে।

    মহাকাশ সংস্থাটোৰ ইমান বৃহৎ সফলতাৰ পাছত উদযাপন হোৱাটো নিশ্চিত আছিল, সেইবাবেই ইছৰোৰ বিজ্ঞানীসকলে ইয়াক আড়ম্বৰপূৰ্ণভাৱে উদযাপন কৰিছিল। ছ’চিয়েল মিডিয়াত ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে ইছৰোৰ মুৰব্বী এছ সোমনাথে এটা গীতত নাচিছে আৰু পাছফালে ডিজেৰ লাইট জ্বলি আছে। এই সময়ত ইছৰোৰ মুৰব্বীগৰাকীৰ সৈতে সংস্থাটোৰ আন বিজ্ঞানীসকলকো দেখা গৈছে৷ চন্দ্ৰযান-৩ৰ সফলতাৰ পাছত ইছৰো মুৰব্বীৰ এই মন চুই যোৱা ভিডিঅ'টো যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ইছৰোৰ বিজ্ঞানীসকলৰ এই উদযাপনৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ব্যাপকভাৱে শ্বেয়াৰ কৰা হৈছে। মানুহে কৈছে যে কোটি কোটি ভাৰতীয়ৰ মুখত হাঁহি অনাৰ পাছত টিম ইছৰোৰ বাবে এনে উদযাপন হোৱাটো সাধাৰণ।